Book Title: Adjust Everywhere Assamese
Author(s): Dada Bhagwan
Publisher: Dada Bhagwan Aradhana Trust

View full book text
Previous | Next

Page 19
________________ ১২ লাগে য'ত, তাত শক্তি আছেই । প্রতিকূল লাগে,সেইটো দুর্বলতা। মােৰ সকলােৰে সৈতে কিয় অনুকূলতা থাকে ? যিমান এডজাষ্টমেন্ট ল’বা, সিমানে শক্তি বাঢ়িব আৰু দুর্বলতাৰ নাশ হ’ব । সঠিক বােধগম্যতা তেতিয়াহে আহিব, যেতিয়া সমস্ত উলটা বােধ শক্তি বিদূৰ হ’ব। | নম্র স্বভাৱৰ লােকৰ সৈতে প্রত্যেকেই এডজাষ্ট হ’ব কিন্তু টেড়া (কুটিল), কঠোৰ, খঙাল প্রকৃতিৰ লােকৰ সৈতে, সকলােৰে সৈতে এডজাষ্ট হ’ব পাৰিলে তেতিয়াহে কার্য সিদ্ধ হ’ব । যিমানেই নিলাজলম্পট মানুহ নহওঁক কিয়, তথাপিও তাৰ সৈতে এডজাষ্ট হ’ব পৰা যায়, মনৰ স্থিৰতা নেহেৰায়, সেয়াহে কামৰ কথা। খং কৰিলে তাে নচলিব । জগতৰ কোনাে বস্তুৱেই আমাক ‘ফিট’নহ'ব, আমি এ তাত ‘ফিট’ হৈ যাওঁ তেনেহ'লে সংসাৰ সুন্দৰ আৰু তাক ‘ফিট’ কৰিবলৈ গ'লে সংসাৰ অসুন্দৰ । এইকাৰণেই এডজাষ্ট এভৰীহােৱেৰ! আপুনিয়েই তাত ‘ফিট’ হৈ যােৱা তাে কোনাে অসুবিধা নাই। ডােন্ট চী ল’, চেটুল ! সন্মুখৰজন টেড়া হয় তথাপিও জ্ঞানী তাৰ সৈতে এডজাষ্ট হৈ যায়। জ্ঞানীপুৰুষক অনুসৰণ কৰি চলিলে সকলাে ধৰণৰ এডজাষ্টমেন্ট লােৱা শিকি যাব । ইয়াৰ অন্তনিহিত চাইন্স এ কি কয়বীতৰাগ হৈ যাওঁক, ৰাগ-দ্বেষ নকৰিব । এয়া ভিতৰত কিছু আসক্তি থাকি যায়, এইকাৰণেই মাৰ খাব লগা হয়। ব্যৱহাৰত যিয়ে একপক্ষীয় নিস্পৃহ হৈ গৈছে, তাকে টেড়া কোৱা হয়। আপােনৰ প্রয়ােজন হলে, সন্মুখৰজন টেড়া হলেও তাক সন্তুষ্ট কৰি ল'ব লাগিব । ষ্টেচনত শ্ৰমিকৰ প্রয়ােজন হ'লে আৰু সি আওঁকান কৰে, তেনেহলেও তাক চাৰি টকা বেছি দি ও সন্তুষ্ট কৰি লব লাগিব আৰু সন্তুষ্ট নকৰে যদি সেই বেগ আমি নিজেই উঠাব লাগিব, নহয় নে !

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38