Page #1
--------------------------------------------------------------------------
________________
দাদা ভগৱান কথিত
এডজাষ্ট এভৰীহােৱেৰ
Assamese
সকলােৰে সৈতে এডজাষ্ট হােৱাটোৱেই আটাইতকৈ ডাঙৰ নৈতিক গুণ।
Page #2
--------------------------------------------------------------------------
________________
দাদা ভগৱান কথিত
এডজাষ্ট এভৰিহােৱেৰ
সংকলন ঃ ড. নীৰুবেহন অমীন
Page #3
--------------------------------------------------------------------------
________________
প্রকাশক ও অজীত সি. প্যাটেল
দাদা ভগৱান আৰাধনা ট্রাষ্ট দাদা দর্শণ, ৫, মমতাপার্ক সােসাইটি, নবগুজৰাট কলেজৰ পিচফালে উম্মানপুৰা, অহমদাবাদ- ৩৮০০১৪, গুজৰাত. ফোন ঃ (০৭৯) ৩৯৮৩০১০০
Email : info@dadabhagwan.org
All Rights Reserved - Deepakbhai Desai Trimandir, Simandhar City, Ahmedabad-Kalol Highway, Adalaj, Dist : Gandhinagar-382421, Gujarat, India. No part of this book may be used or reproduced in any manner whatsoever without written permission from the holder of the Copyrights.
First Edition : 1000 copies, November, 2018
ভাবমূল্য ঃ ‘পৰম বিনয়’ আৰু
| ‘মই একো নাজানাে’ এই ভাৱ !
দ্রব্যমূল্য ঃ ১৫ টকা
মুদ্ৰক
: অম্বা অফছেট
B-99, ইলেকট্রনিক্স GIDC, ক- 6 ৰােড, সেক্টৰ -25, গান্ধীনগৰ-382044. ফোন ঃ (079) 39830341
Page #4
--------------------------------------------------------------------------
________________
ত্রিমন্ত্র
શ્રીસીમંધર સ્વામી
વી વીર્થંકર নমো অহিন্তাণম্ নমো সিদ্ধাণম
নমো আয়ৰিয়াণম্
নমো লোত্ৰ সৰ্বসাহুম্
এসো পঞ্চ নমুক্কাৰো, সৰ্ব্ব পাৱপ্পণাসণো
মঙ্গলাণম চ সৰ্ব্বেসিম্, পঢ়মম হবই মঙ্গলম্ ১
ॐ নমঃ ভগবতে বাসুদেবায় ২
ॐ নমঃ শিবায় ৩ জয় সচ্চিদানন্দ
Page #5
--------------------------------------------------------------------------
________________
আত্মজ্ঞান প্রাপ্তিৰ প্রত্যক্ষ সম্পর্ক সূত্র
‘মই নিজ হাতেই কেবাজনকো সিদ্ধি প্রদান কৰি যাম। মই যােৱাৰ পিছত অনুগামীৰ প্রয়ােজন থাকিব নে নাথাকিব? ভৱিষ্যৎ প্রজন্মৰ বাবে এই মাৰ্গৰ প্রয়ােজন নাথাকিব জানাে?
-দাদাশ্রী পৰম পূজনীয় দাদাশ্রীয়ে গাঁৱে-গাঁৱে, দেশ-বিদেশ পৰিভ্রমণ কৰি মুমুক্ষুসকলক সৎসঙ্গ আৰু আত্মজ্ঞানৰ প্রাপ্তি কৰাইছিল। দাদাশ্রীয়ে নিজৰ জীৱনকালতে পূজ্য ডাঁঃ নীৰবহন আমীন (নীৰুম) ক আত্মজ্ঞান প্রাপ্ত কৰােৱাৰ জ্ঞানসিদ্ধি প্রদান কৰিছিল। দাদাশ্ৰীৰ দেহবিলয়ৰ পাচত নীৰুমায়ে তেনেকৈ মুমুক্ষুসকলক সৎসঙ্গ আৰু আত্মজ্ঞানৰ প্রাপ্তি, নিমিত্ত ভাবেৰে কৰাইছিল। পূজ্য দীপকভাই দেসাইকো দাদাশ্রীয়ে সৎসঙ্গ কৰাৰ সিদ্ধি প্রদান কৰিছিল। নীৰুমৰ উপস্থিতিতে তেওঁৰ আশীর্বাদ লৈ পূজ্য দীপকভাই দেশ-বিদেশৰ অনেক ঠাই পৰিভ্ৰমণ কৰি মুমুক্ষুসকলক আত্মজ্ঞানৰ প্রাপ্তি কৰাইছিল আৰুনীৰমৰ দেহবিলয়ৰ পাচত আজিও চলি আছে। এই আত্মজ্ঞান প্রাপ্ত কৰি হেজাৰ-হেজাৰ মুমুক্ষুৱে সাংসাৰিক আৰু পৰিৱাৰিক দায়িত্ব পালন কৰিও মুক্ত অৱস্থাত থাকি আত্মৰমণতাৰ অনুভৱ কৰিছে।
| এই পুস্তকৰ মুদ্রিত বাণী মােক্ষার্থী সকলৰ পথ প্রদর্শনত অত্যন্ত উপযােগী সিদ্ধ হ’ব, কিন্তু মােক্ষ প্রাপ্তিৰ কাৰণে আত্মজ্ঞান প্রাপ্ত কৰাটো আৱশ্যক। অক্রম মার্গৰ দ্বাৰা আত্মজ্ঞান প্রাপ্তিৰ মার্গ আজিও চলি আছে। যেনেকৈ এটা প্রজ্বলিত চাকিহে অন্য চাকি প্রজ্বলিত কৰিব পাৰে, তেনেকৈ প্রত্যক্ষ আত্মজ্ঞানীৰ দ্বাৰা আত্মজ্ঞান প্রাপ্ত কৰিলেহে নিজৰ আত্মা জাগৃত হয়।।
Page #6
--------------------------------------------------------------------------
________________
দাদা ভগৱান ফাউণ্ডেশ্বনৰ দ্বাৰা প্ৰকাশিত হিন্দী পুস্তকসমূহ ঃ
২৫। সেৱা-পৰোপকাৰ
১। জ্ঞানী পুৰুষ কি পহচান
২। সর্ব দুঃখো সে মুক্তি ৩। কর্ম কে সিদ্ধান্ত
৪। আত্মবোধ
৫। মৈঁ কোন হুঁ?
৬। বৰ্তমান তীর্থঙ্কৰ শ্ৰী সীমন্ধৰ স্বামী.
৭। ভুগতে উসী কি ভুল
৮। এডজাষ্ট এভৰীহোৱেৰ
৯। টকাও টালিয়ে
১০। হুআ সো ন্যায় ১১। চিন্তা
১২। ক্রোধ ১৩। প্রতিক্রমণ
১৪। দাদা ভগৱান কোণ ?
১৫। পেইসো কা ব্যৱহাৰ
১৬। অন্তঃকৰণ কা স্বৰূপ
১৭। জগৎ কর্তা কোণ ? ১৮। ত্রিমন্ত্র
১৯। ভাবনা সে সুধৰে জন্মোজন্ম ২০। মাতা-পিতা অৰ বচ্চো কা ব্যৱহাৰ
২১। প্রেম
২২। সমঝ সে প্রাপ্ত ব্রহ্মচর্য
২৩। দান
২৪। মানব ধর্ম
২৬। মৃত্যু সময়, পহলে অৰ পশ্চাৎ ২৭। নিজদোষ দর্শণ সে.... নির্দোষ ২৮। পতি-পত্নী কা দিব্য ব্যৱহাৰ ২৯। ক্লেশ ৰহিত জীৱন
৩০। গুৰু-শিষ্য
৩১। অহিংসা
৩২। সত্য-অসত্য কে ৰহস্য
৩৩। চমৎকাৰ
৩৪। পাপ-পুণ্য
৩৫। বাণী, ব্যৱহাৰ মে.....
৩৬। কর্ম কে বিজ্ঞান
৩৭ । আপ্তবাণী – ১
৩৮। আপ্তবাণী - ২
৩৯। আপ্তবাণী – ৩
৪০। আপ্তবাণী - ৪
৪১। আপ্তবাণী - ৫
৪২। আপ্তবাণী – ৬
৪৩। আপ্তবাণী - ৭ ৪৪। আপ্তবাণী – ৮
৪৫। আপ্তবাণী - ১৩ (পুর্বাধ) ৪৬। সমঝ সে প্রাপ্ত ব্রহ্মচর্য (পুর্বাধ)
৪৭। সমঝ সে প্রাপ্ত ব্ৰহ্মচর্য (উত্তৰাধ)
* দাদা ভগৱান ফাউণ্ডেশ্বচনৰ দ্বাৰা গুজাতী ভাষাতও ৫৫ খন পুস্তক প্রকাশিত হৈছে। ৱেবসাইট www.dadabhagwan.org ৰ পৰাও আপুনি এই সকলো পুস্তক প্রাপ্ত কৰিব পাৰিব ।
* দাদা ভগবান ফাউণ্ডেশ্বনৰ দ্বাৰা প্ৰত্যেক মাহত হিন্দী, গুজাতী আৰু ইংৰাজী ভাষাত “দাদাবাণী” ম্যাগজীন প্রকাশিত হয়।
Page #7
--------------------------------------------------------------------------
________________
সম্পাদকীয় জীৱনৰ প্ৰতিটো মুহূৰ্ত্ততে আমি নিজেই বিচাৰপূর্বক ভাৱে সন্মুখৰজনৰ সৈতে যদি এডজাষ্ট নহওঁ, তেনেহ'লে ভয়ঙ্কৰ সংঘাত হৈয়ে থাকিব। জীৱন বিষময় হ’ব আৰু শেষত জগতে জোৰ কৰি আমাৰ দ্বাৰা এডজাষ্টমেন্ট কৰাবই। ইচ্ছা হওঁক বা অনিচ্ছাই হওঁক, আমি যেতিয়াইতেতিয়াইএডজাষ্ট তাে হ’বইলাগিব। তেনেহ'লে কিয়নাে বিচাৰপূর্বক এডজাষ্ট হৈ যাওঁ, যাতে অনেক সংঘাতৰ পৰা ৰক্ষা পাব পাৰি আৰু সুখ শান্তি স্থাপিত হওঁক।
| লাইফ ইজ নাথিং বাট এডজাষ্টমেন্ট (জীৱন এডজাষ্টমেন্টৰ বাহিৰে । আন একোৱেইনহয় !) জন্মৰ পৰা মৃত্যুলৈকে এডজাষ্টমেন্ট লাগিবই। কান্দিয়ে লওঁক বা হাঁহিয়েই লওঁক! পঢ়াশুনা কৰি ভাল লাগক বা নালাগক, কিন্তু এডজাষ্ট হৈ পঢ়িবই লাগিব! হয়তাে ৰংমনেৰে মানুহে বিয়া কৰায়, কিন্তু বিয়াৰ পিচত গােটেই জীৱন স্বামী-স্ত্রীৰ পাৰস্পৰিক এডজাষ্টমেন্টচ লাগিবই। দুটা ভিন্ন প্রকৃতিক গােটেই জীৱন একেলগে থাকি যাৰ যি দায়িত্ব তাক নির্বাহ কৰিব লাগিব। পৰস্পৰে পৰস্পৰৰ লগত গােটেই জীৱন সম্পূর্ণভাৱে এডজাষ্ট হৈ থাকে, তেনে পুণ্যবান কিমানজন মানুহ আছে এইযুগত? হেৰা, ৰামচন্দ্রজী। আৰু সীতাজীৰাে কেইবাবাৰাে ডিচএডজাষ্টমেন্ট হােৱা নাছিল নে ? স্বর্ণমৃগ, অগ্নিপৰীক্ষা আৰু গৰ্ভৱতী হােৱা সত্বেও বনবাস ? তেওঁলােকে কেনেকুৱাকেনেকুৱা এডজাষ্টমেন্ট লৈছিল ?
| পিতৃ-মাতৃ আৰু সন্তানে এজনে অন্যজনৰ সৈতে প্রতি খােজতে এডজাষ্টমেন্ট হ’ব লগা হয় নে ? যদি বিচাৰপূর্বক এডজাষ্ট হৈ যায় তেনেহ'লে শান্তি থাকিব আৰু কর্মবন্ধন নহয়। আত্মীয়-স্বজন, বন্ধুবান্ধৱৰ সৈতে, ব্যৱসায়ত, বচৰ সৈতে, বেপাৰী বা দালালৰ সৈতে, তেজী-মন্দী ৰ ভাবৰ সৈতে, সকলাে ঠাইতে যদি আমি এডজাষ্টমেন্ট নহওঁ তেনেহ'লে কিমানবােৰ দুখৰ পাহাৰ হৈ যাৱ!
| এইকাৰনে ‘এডজাষ্ট এভৰীহােৱেৰৰ মাষ্টাৰ কী’ লৈ যি জন মানুহে জীৱন অতিবাহিত কৰিব, তেওঁৰ জীৱনৰ কোনাে তালা খােল নাখাব, এনেকুৱা নহয়। জ্ঞানীপুৰুষ পৰম পূজনীয় দাদাশ্রীৰ স্বৰ্ণময় সূত্র এডজাষ্ট এভৰীহােৱেৰ’ জীৱনত আত্মসাৎ কৰিব পাৰিলে সংসাৰ সুখময় হ’ব!
ডঃ নীৰুবেহন অমীনৰ জয়সচ্চিদানন্দ
Page #8
--------------------------------------------------------------------------
________________
এডজাষ্ট এভৰীহােৱেৰ
আত্মসাৎকৰক এটাই শব্দ প্রশ্নকর্তা ও এতিয়া তাে জীৱনত শান্তিৰ সৰল মার্গ বিচাৰিছোঁ।
দাদাশ্রী ও এটাই শব্দ জীৱনত ফলিত কৰিব লাগিব, নির্ভুল ভাৱে, একজেক্ট?
প্রশ্নকর্তা ও একজেক্ট, হয়।
দাদাশ্রী ও ‘এডজাষ্ট এভৰীহােৱেৰ ইমান শব্দটিয়ে যদি আপুনি জীৱনত ফলিত কৰিব পাৰে তেনেহ'লেই যথেষ্ট হ’ব। আপুনি শান্তি নিজে নিজে লভিব। পােন প্রথমে ছয় মাহলৈকে বাধা-বিঘিনি আহিব, পিচত নিজে নিজেই শান্তি ঘূৰি আহিব। প্রথম ছয় মাহলৈকে আগৰ ৰিয়্যাকশ্বন আহিব, পলমকৈ আৰম্ভ কৰাৰ কাৰণে। এইকাৰণে ‘এডজাষ্ট এভৰীহােৱেৰ’ ! এই কলিযুগৰ এনে ভয়াবহসময়ত যদি এডজাষ্টনহয়, তেনেহ'লে শেষ হৈ যাব।
সংসাৰত অন্য একো নাজানিলেও ক্ষতি নাই কিন্তু এডজাষ্ট হ'বলৈ শিকিবই লাগিব। সন্মুখৰজনে ‘ডিচএডজাষ্ট’ হৈ থাকিলেও, কিন্তু আপুনি এডজাষ্ট হৈ থাকিলে সংসাৰ সমুদ্র সাঁতােৰি পাৰ হৈ যাব। যিয়ে অন্যৰ অনুকূল হ’ব পাৰিছে, তেওঁৰ কোনাে দুখেই নাথাকিব।‘এডজাষ্ট এভৰীহােৱেৰ’ ! প্রত্যেকৰে সৈতে এডজাষ্টমেন্ট হয়, এইটোৱেই সকলােতকৈ ডাঙৰ ধর্ম। এই যুগত ভিন্ন-ভিন্ন প্রকৃতিৰ মানুহ আছে, এইকাৰণে এডজাষ্ট নহ'লে কেনেকৈ চলিব ?
হস্তক্ষেপ নকৰিব, এডজাষ্ট হৈ যাব | সংসাৰৰ অর্থইসমশৰণ মার্গ, এইকাৰণে নিৰন্তৰ পৰিবৰ্তন হৈয়ে। থাকে। কিন্তু এই বৃদ্ধসকলে পুৰণি যুগটোকেই ধৰি থাকে। হেৰা, যুগৰ
Page #9
--------------------------------------------------------------------------
________________
সৈতে চলা, নহ'লে মাৰ খাই মৰি থাকিবা! যুগৰ অনুসৰি এডজাষ্টমেন্ট হ'ব লাগিব। মােৰ চোৰৰ সৈতে, জেপ-কটাৰৰ সৈতে, সকলােৰে সৈতেই এডজাষ্টমেন্ট হয়। মই চোৰৰ সৈতে কথা পাতিলে আন কি সি ও বুজি পাই যে এও কৰুণাময় হয়। মই তাক ‘তই ভুল কৰিছ’ এনেকৈ নকওঁ। কিয়নাে সেইটো তাৰ ‘ভীউ পইন্ট’ (দৃষ্টিকোণ)। কিন্তু মানুহে তাক নালায়ক’কৈ গালি দিয়ে। উকিল সকল জানাে মিছলিয়া নহয়?‘একেবাৰে মিছা কেচ জিকাই দিম বুলি কোৱা জনে, প্রবঞ্চক নহয় জানাে? চোৰক ‘লুচ্ছা’ কয় আৰু একেবাৰে মিছা কেচ ক ‘সঁচা’ কয়, সিহঁতক সংসাৰত বিশ্বাস কেনেদৰে কৰিব পাৰি?তথাপিও তেওঁলােকৰাে চলি আছে নহয় নে? কোনােলােককে মই মিছলিয়া নকওঁ। তেওঁ নিজৰ ‘ভীউ পইন্ট’ত কৰেক্ট এ হয়। কিন্তু তাক সঁচা কথা শিকাও যে তই যি চুৰি কৰিছ, তাৰ পৰিণাম তই কি পাবি!
এই বৃদ্ধ সকলে ঘৰত সােমায়েই কয়, এই লােহাৰ আলমাৰী? এই ৰেডিঅ’? এইটো এনেকুৱা কিয় ? তেনেকুৱা কিয় ?’এইদৰে কাজিয়াপেচাল কৰে। হেৰা, কোনাে যুৱকৰ সৈতে বন্ধুত্ব কৰা। এইযুগ পৰিবর্তন হৈয়ে থাকিব। এইবােৰৰ অবিহনে এওঁলােকে জীৱিত থাকিব কেনেকৈ? কিবা নতুন দেখিলেই মােহউৎপন্ন হয়। নতুন নহ'লে তাে জীৱিত থাকিবই কিদৰে? নতুনত্ব অনন্তবাৰ আহিছে আৰু গৈছে, তাত আপুনি কাজিয়াপেচাল কৰিব নালাগে। আপােনাৰ অপচন্দ হলে সেয়া আপুনি নকৰিব। এই আইসক্রীমে আমাক নকয় যে মােৰ পৰা দূৰত থকা। আপােনাৰ খাবৰ ইচ্ছা নাথাকিলে নাখাব। কিন্তু বৃদ্ধসকলে তাৰ ওপৰত অসন্তুষ্ট হৈ থাকে। এই মতভেদ যুগ পৰিবৰ্তনৰ কাৰণে হৈছে। এই নতুন প্রজন্মই
Page #10
--------------------------------------------------------------------------
________________
তো যুগৰ মতেই চলিব। মোহ, অর্থাৎ নতুন- নতুন উৎপন্ন হয় আৰু নতুন-নতুনেই দেখায় ৷ মই বাল্যকালৰ পৰাই বুদ্ধিৰ দ্বাৰা অনেক বিচাৰ কৰি দেখিছিলোঁ যে এই জগতখন ওলোটা দিশত গৈছে নে চিধা হৈছে আৰু এইটোও বুজিছিলোঁ যে এই জগতক পৰিবৰ্ত্তন কৰাৰ কাৰো সত্তাই নাই। তথাপিও মই কি কৈছোঁ যে যুগৰ অনুসৰি এডজাষ্ট হৈ যাওঁক ল'ৰাই নতুন ধৰণৰ টুপি পিন্ধি আহিলে, তেতিয়া এনেকৈ নক'ব যে, ‘এনেকুৱা ক’ৰ পৰা লৈ আহিলা?' তাৰ সলনি এডজাষ্ট হৈ যাওঁক যে, ‘ইমান সুন্দৰ টুপি ক’ৰ পৰা আনিলা? কিমানত আনিলা? বহুত সস্তাত পালা?' এইদৰে এডজাষ্ট হৈ যাওঁক ।
1
আমাৰ ধৰ্মই (বীতৰাগ ধর্ম) কি কয় যে অসুবিধাত সুবিধা চাওঁক । ৰাতি মোৰ মনত ভাব হৈছিল যে, ‘এই চাদৰখন লেতেৰা।' কিন্তু পিচত এডজাষ্টমেন্ট কৰি লোৱাত তেতিয়া ইমান নৰম লাগিল যে নুসুধিব আৰু ! পঞ্চেন্দ্ৰিয়জ্ঞানে অসুবিধা দেখায় আৰু আত্মজ্ঞানে সুবিধা দেখায়। এইকাৰণে আত্মৰূপ হৈ থাকিব ৷
দুৰ্গন্ধৰ সৈতে এডজাষ্টমেন্ট
বান্দ্ৰাৰ (মুম্বাইত) নলা এটাৰ পৰা দুৰ্গন্ধ আহিলেও তাৰ সৈতে কি কাজিয়া কৰিবলৈ যাব নে? এইদৰেই এই মানুহবোৰে দুৰ্গন্ধ বিয়পায়, তেওঁলোকক কি ক'বলৈ যাব? দুৰ্গন্ধ বিয়পাই সিহঁতক নলা কয়, যাৰ পৰা সুগন্ধ আহে সিহঁতক বাগিছা কয়। যি সকলে দুর্গন্ধ বিয়পায় সিহঁতে কয় যে ‘আপুনি আমাৰ সৈতে বীৰাগ হওঁক !”
এই ভাল-বেয়া কোৱাত সেইবোৰেই আমাক বিৰক্ত কৰে ৷ আমি উভয়কে একেই মানি চলিব লাগে। ইয়াক ‘ভাল’ ক’লে, এইকাৰণে অন্যটো ‘বেয়া’ হ’ল। তেতিয়া পিছত সেইটোৱে বিৰক্ত কৰে৷ কিন্তু
Page #11
--------------------------------------------------------------------------
________________
দুয়ােকে ‘মিক্সৰ কৰি দিলে, তাৰ পিছত প্ৰভাৱ নপৰে। এডজাষ্ট এভৰীহােৱেৰৰ মই আৱিষ্কাৰ কৰিছোঁ। সঁচা কথা ক'লে তেওঁৰ সৈতেও আৰু কোনােবাই মিছা কথা কলে তেওঁৰ সৈতেও ‘এডজাষ্ট হৈযাওঁক। মােক কোনােবাই কয় যে আপােনাৰ বুদ্ধি নাই। তেতিয়া মইতৎক্ষনাৎ তেওঁৰ সৈতে এডজাষ্ট হৈ কম যে, “সেয়া তাে আগৰ পৰাই নাছিল। আজি তুমি ক'ৰ পৰা বিচাৰিব আহিলা? তুমি তাে আজি জানিলা, কিন্তু মই তাে এইটো বাল্যকালৰ পৰাই জানাে। এনেকুৱাকৈ ক'লে তাে ঝট মিটি যাব, নহয় নে ? পুনৰ তেওঁ আমাৰ ওচৰত আকল (বুদ্ধি) বিচাৰি নাহে৷ এনেকুৱা নকৰিলে নাে ‘নিজৰ ঘৰ’ (মােক্ষ) কেতিয়া গৈ পাম?
পত্নীৰ সৈতে এডজাষ্টমেন্ট প্রশ্নকর্তা : এডজাষ্ট কেনেকৈ হ'ব লাগে, এইটো অলপ বুজাই দিয়ক।। | দাদাশ্রী : আপােনাৰ কোনাে কাৰণবশতঃ দেৰী হৈগ’লে, আৰু পত্নীয়ে কিবা উল্টা-চিধা ক’বলৈ ধৰে যে, ইমান দেৰীকৈ আহে? এনেকৈ নচলিব।আৰু যেনেকৈ-তেনেকৈ কয়..... তেওঁৰ খঙত মানসিক স্থিৰতা নাথাকে। তেতিয়া আপুনি ক'ব যে হয়, তােমাৰ কথা ঠিকেই, তুমি যদি কোৱা উভতি যাওঁ আৰু তুমি কোৱা যদি ভিতৰলৈ আহিবহিম। তেতিয়া তেওঁ ক’ব, নহয়, উভতি নাযাবা। ইয়াতে শুই থকা মনে-মনে। কিন্তু আকৌ শুধা, তুমি কোৱা যদি খাম, নহ'লে শুবলৈ যাওঁ। তেতিয়া তেওঁ ক’ব, নহয়, খাই লােৱা। তেতিয়া আপুনি তেওঁৰ কথা মানি খাই ল'ব লাগে। অথাৎ এডজাষ্ট হৈগ’ল। আকৌ ৰাতিপুৱা ফাষ্ট ক্লাচ চাহ দিব আৰু যদি ধমক দিয়ে তেনেহ'লে চাহৰ কাপ মুখ ওলােমাই (ৰােষ বেশত) দিব আৰু তিনি দিনলৈকে সেই ক্রম চলি থাকিব।
Page #12
--------------------------------------------------------------------------
________________
খিচৰী খাব নে হােটেলৰ পিজ্জা?
এডজাষ্ট হ’ব নােৱাৰিলে কি কৰে? মানুহে ৱাইফৰ সৈতে কাজিয়া কৰে, নহয় নে ?
প্রশ্নকতা ও হয়।।
দাদাশ্রী এনেকুৱা ?! কি ভাগ কৰিবৰ বাবে? পত্নীৰ সৈতে কি ভাগ-বতৰা কৰিব? সা-সম্পত্তি অংশীদাৰীত আছেই।
প্রশ্নকর্তাঃ স্বামীৰ গুলাৱ-জামুন খাৱৰ ইচ্ছা হলে পত্নীয়ে খিচৰী বনায়, তেনেহ'লে কাজিয়া হয়।
দাদী ও আকৌ কাজিয়া কৰাৰ পিছত কি তেওঁ গুলাৱ-জামুন বনাব নে? নবনায় । পিছত খিচৰীয়ে খাৱ লগা হয়!
প্রশ্নকর্তা ও পিছত হােটেলৰ পৰা পিজ্জা অনায়। | দাদাশ্রী ও এনেকুৱা ?! অথাৎ এইটোও নহ'ল আৰু সেইটোও নহ'ল। পিজ্জা আহে, হয় নে? কিন্তু আমাৰ গুলাৱ-জামুন গ’ল, নহয় নে? তাৰ সলনি যদি আপুনি ৱাইফ ক ক'লে হেঁতেন যে, তােমাৰ যি ভাল লাগে সেই বনােৱা।” তেওঁৰ ও কোনােৱাদিনা খুউৱাৰ ইচ্ছা তাে হ'ব পাৰে! তেওঁ কি নাখাব নে? তেতিয়া আপুনি ক'ব, তােমাৰ যি ভাল লাগে সেই বনােৱা। তেতিয়া তেওঁ ক'ব, নহয়, আপােনাৰ যি ভাল লাগে সেই বনাম। তেতিয়া আপুনি ক'ব পাৰিব যে, ‘গুলাৱজামুন বনােৱা।” আৰু যদি আপুনি প্রথমেই গুলাৱ-জামুন বনাবলৈ কয় তাে তেওঁ কব, নহয়, মই তাে খিচৰী বনাম।
প্রশ্নকর্তা : এই মতভেদ দূৰ কৰাৰ বাবে আপুনি কি উপায় দিব?
দাদাশ্রী ও মই এই উপায় দিম যে ‘এডজাষ্ট এভৰীহােৱেৰ। তেওঁ কয় যে, ‘খিচৰী বনাম’, তাে আপুনি ‘এডজাষ্ট হৈ যাব। আৰু
Page #13
--------------------------------------------------------------------------
________________
আপুনি কয় যে, নহয়, এতিয়া মই বাহিৰলৈ যাম সৎসঙ্গ ত যাম’, তেতিয়া তেওঁ এডজাষ্ট হৈযাব লাগে। যি জনে প্রথমে কয়, তেওঁৰ সৈতে এডজাষ্ট হৈ যােৱা।
প্রশ্নকর্তা ও তেনেহলে প্রথমে কোৱাৰ বাবে কাজিয়া হ’ব।
দাদাশ্রী ও হয়, এনে কৰিব। এনে কৰিব কিন্তু তেওঁৰ সৈতে এডজাষ্ট হৈ যাব। কিয়নাে তােমাৰ হাতত সত্তা নাই। সেই সত্তা কাৰ হাতত আছে, সেইটো মই জানাে। তেনেহ'লে ইয়াতে ‘এডজাষ্ট হােৱাত আপােনাৰ কিবা অসুবিধা আছে ভাই?
প্রশ্নকতা ঃ নাই, একোৱেই নাই। দাদাশ্রী ও ভনী, আপােনাৰ আপত্তি আছেনে? প্রশ্নকতা ঃ নাই।
দাদাশ্রী ও তেনেহ'লে তাৰ সমাধান কৰি দিয়ক নে!‘এডজাষ্ট এভৰীহােৱেৰ’! ইয়াতে কিবা আপত্তি আছেনে?
প্রশ্নকতা ঃ নাই, একোৱেই নাই।
দাদাশ্রী ঃ যদি তেওঁ প্রথমে কয় যে, আজি পিয়াজৰ পকোৰা, লাৰু, সবজী সকলাে বনােৱা, তেতিয়া আপুনি এডজাষ্ট হৈ যাব আৰু আপুনি কয় যে আজি সােনকালে শুইযাম তেনেহ'লে তেখেতে এডজাষ্ট হৈ যাব লাগে। (পতিক উদ্দেশ্য কৰি) আপােনাৰ কোনাে বন্ধুৰ তাত যাব লগা থাকে, তথাপিও স্থগিত কৰি সােনকালে শুই যাব। কিয়নাে বন্ধুৰ সৈতে জঞ্জাল হলে তাে দেখা যাব, কিন্তু ইয়াতে ঘৰত হ'বলৈ নিদিব। বন্ধুৰ সৈতে ভালে থাকিবৰ বাবে ঘৰত কাজিয়া কৰে, এনে হ'লে নচলিব। অর্থাৎ তেওঁ প্রথমে কয় তেনেহ'লে আপুনি এডজাষ্ট হৈ যাব লাগে।
Page #14
--------------------------------------------------------------------------
________________
৭
প্রশ্নকর্তা : কিন্তু তেখেতে আঠ বজাত কোৰোবাত মিটিং ত যাব লগা হয় আৰু পত্নীয়ে কয় যে, ‘এতিয়া শুই যাওঁক’, তেনেহ'লে তেখেতে কি কৰিব?
দাদাশ্রী ঃ এনেকুৱা কল্পনা নকৰিব? প্রকৃতিৰ নিয়ম এই যে ‘হোৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে' (য’তে সংকল্প, ত’তে পথ!) কল্পনা কৰিব তো বেয়া হ'ব। সেই দিনা তেখেতেই ক'ব যে ‘আপুনি সোনকালে যাওঁক, সোনকালে যাওঁক' নিজে গেৰেজলৈকৈ থবলৈ আহিব, কল্পনা কৰাৰ বাবেই সকলো নষ্ট হয়। এইকাৰণে এখন কিতাপত লিখিছে, “হোৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে’ পালন কৰিব পাৰিলেই যথেষ্ট হ'ব। পালন কৰিব নে?
প্রশ্নকর্তা ঃ হয় ।
দাদাশ্ৰী ঃ লোৱা, প্ৰমিচ্ কৰা । অৰে বাহ! ইয়াকেই কয় শূৰবীৰ ! প্ৰমিচ্ কৰিছে।
ভোজনত এডজাষ্টমেন্ট
ব্যৱহাৰ সঠিক (পালন কৰা) তেতিয়াহে কোৱা হয় যিজনে ‘এডজাষ্ট এভৰীহোৱেৰ' হয়! এতিয়া ডেভলপমেন্টৰ সময় আহিছে। মতভেদ হ’ব দিব নালাগে। এইকাৰণে এতিয়া মানুহক মই সূত্ৰ দিছোঁ, ‘এডজাষ্ট এভৰীহোৱেৰ’! এডজাষ্ট,এডজাষ্ট, এডজাষ্ট। কঢ়ী (এক প্ৰকাৰৰ ব্যঞ্জন) কেহা বা তিতা হ'লে বুজি ল’বা যে দাদাজীয়ে এডজাষ্টমেন্ট ল'বলৈ কৈছে। পিছত কঢ়ী অলপ খাই ল’বা। হয়, আচাৰ মনত পৰিলে খুজি ল'ব যে অলপ আচাৰ লৈ আহক। কিন্তু কাজিয়া নকৰিব, ঘৰত কাজিয়া হোৱা উচিত নহয় । নিজে কোনোবা ঠাইত বিপদত পৰিলে, তেতিয়া তাত নিজেই এডজাষ্টমেন্ট কৰি লওঁক, তেতিয়া সংসাৰ সুন্দৰ হৈ পৰিব।
Page #15
--------------------------------------------------------------------------
________________
b
ভাল নালাগিলেও পালন কৰক
তোমাৰ সৈতে যোনে-যোনে ডিচএডজাষ্ট হ'বলৈ আহে, তেওঁৰ সৈতে তুমি এডজাষ্ট হৈ যোৱা । দৈনন্দিন জীৱনত যদি শাহু-বোৱাৰীৰ মাজত বা জা-ডাঙৰ জাৰ মাজত ডিচএডজাষ্টমেন্ট হয়, তেনেহ'লে যাৰ এই সংসাৰৰ ঘটনাচক্ৰৰ পৰা মুক্তি হোৱাৰ ইচ্ছা, তেওঁ এডজাস্ট হৈ যাব লাগিব । স্বামী-স্ত্ৰীৰ মাজত যদি কোনোবা এজনে ফাট আনে, তেনেহ'লে আনজনে সংযোগ কৰি ল'ব লাগে, তেতিয়াহে সম্বন্ধ ঠিকমতে চলি থাকিব আৰু শান্তি থাকিব । যিয়ে এডজাষ্টমেন্ট ল'ব নোৱাৰে, তাক মানুহে ‘মেন্টেল’ (পাগল ) ক’য়। এই ৰিলেটিভ সত্যৰ প্ৰতি আগ্ৰহ, জেদ কৰাৰ অলপো প্রয়োজন নাই । ‘মানুহ’ কাক কোৱা হয়, যিজনে এভৰীহোৱেৰ এডজাস্টেবল হয়। চোৰৰ সৈতেও এডজাস্ট হৈ যাব লাগে ।
শোধৰাব নে এডজাষ্ট হৈ যাব ?
প্রত্যেক পৰিস্থিততে আমি সন্মুখৰজনৰ সৈতে এডজাস্ট হৈ গ’লে বহুত কথাই সহজ হৈ যায় ৷ আমি লগত কি লৈ যাম ? কোনোবাই ক’ব যে, ‘ভাই, পত্নীক চিধা কৰি দিয়া ’ । ‘হেৰা, তেওঁক চিধা কৰিব গ’লে তো তুমি টেড়া হৈ যাবা’। এইকাৰণে ৱাইফক চিধা কৰিব নাযাবা, যেনে আছে তাকেই কৰেক্ট ক’বা । আপোনাৰ তেওঁৰ সৈতে চিৰদিনৰ লেন-দেন (সম্বন্ধ) হ'লে বেলেগ কথা, এইটো জনমতহে, তাৰ পিছত নাজানো ক'ত হেৰাই যাব। দুয়োজনৰ মৃত্যুকাল বেলেগ, দুয়োজনৰ কর্ম বেলেগ ! একো লেনা ও নাই আৰু দেনা ও নাই ! এই ঠাইৰ পৰা তেওঁ কাৰ তাত যাব তাৰ কি ঠিকনা ? আপুনি তেওঁক চিধা কৰিব আৰু
আগৰ জনমত যাব কোনো অন্যৰ ভাগত !
Page #16
--------------------------------------------------------------------------
________________
এইকাৰণে আপুনি তেওঁক চিধা কৰিবও নালাগে আৰু তেৱো আপােনাক চিধা কৰিব নালাগে । যেনে পালে, সােনৰ তুল্য। প্রকৃতি কাৰাে কেতিয়াও চিধা হ’ব নােৱাৰে । কুকুৰৰ নেজ টেড়াৰ টেড়ায়ে থাকিব। এইকাৰণে আপুনি সাবধান হৈ খােজ দিয়ক । যেনে আছে। তেনেই ঠিকে আছে, ‘এডজাষ্ট এভৰীহােৱেৰ।
পত্নী হ’ল কাউন্টাৰ ওৱেট’ | প্রশ্নকর্তা : মই ৱাইফৰ সৈতে এডজাষ্ট হােৱাৰ বহুত চেষ্টা কৰোঁ, কিন্তু এডজাষ্টমেন্ট নহয়।
| দাদাশ্রী ঃ এই সকলাে হিচাবৰ অনুসৰি হয়! বেকা বলটু আৰু বেকা নাট, তাত চকা চিধাকৈ ঘূৰালে কিদৰে কাম চলিব ? আপােনাৰ এনেকুৱা ভাৱ হ'ব পাৰে যে এই স্ত্রী জাতি এনেকুৱা কিয় ? কিন্তু স্ত্রী জাতি তাে আপােনাৰ ‘কাউন্টাৰ ওৱেট’ হয়। যিমানে আপােনৰ দোষ, সিমানে তেওঁ টেড়া; এইকাৰণেই তাে সকলাে ‘ব্যৱস্থিত’ এনেকৈ মই কৈছো নহয় !
প্রশ্নকর্তা ও সকলােৱেই আমাক চিধা কৰিবলৈ আহিছে, এনে ভাৱ হয়।
দাদাশ্রী ও সেই তাে আপােনাক চিধা কৰিবই লাগিব । চিধা নহ'লে কি সংসাৰ চলিব ? চিধা নহ'লে পিচত পিতা কেনেদৰে হ’ব ? চিধা হ’ব তেতিয়াহে পিতা হ’ব পাৰিব । স্ত্রী জাতি অলপ এনেকুৱা যে। সিহঁতে পৰিবর্তন নহয়, এইকাৰণে আমি পৰিবৰ্তন হ'ব লাগিব । সেয়া সহজ জাতি, সিহঁতৰ পৰিবৰ্তন হ'ব এনেকুৱা নহয়।
ৱাইফ, সেইটো কি বস্তু ? প্রশ্নকর্তা ঃ আপুনি কওঁক ।
Page #17
--------------------------------------------------------------------------
________________
দাদাশ্রী : ৱাইফ ইজ দি কাউন্টাৰ ওৱেট অফ ম্যান । সেই কাউন্টাৰ ওৱেট যদি নাথাকে তেতিয়া মানুহজনেই ভাঙি পৰিব ।
প্রশ্নকর্তা : এইটো বুজি পােৱা নাই । | দাদাশ্রী ইঞ্জিনত কাউন্টাৰ ওৱেট ৰখা হয়, নহ'লে ইঞ্জিন চলি চলি ভাঙি যাব । এইদৰেই মানুহৰ কাউন্টাৰ ওৱেট স্ত্রী হয়। স্ত্রী থাকিলেতাে ভাঙি নপৰিব । নহ'লে দৌৰা-দৌৰি কৰিও কোনাে ঠিকনা নাথাকিলে হয়, আজি ইয়াতে নতুবা কালি ক’ৰ পৰা কোন ঠাইত গুচি গ’লহেঁতেন । পত্নী আছে কাৰণেই তেওঁ উভতি ঘৰলৈ আহে, নহ'লে তেওঁ ঘৰ উভতিলে হয় নে ?
প্রশ্নকর্তাঃ নাহিলে হয়। দাদাশ্রী ও স্ত্রী কাউন্টাৰ ওৱেট হয় তেওঁৰ ।।
সংঘাত, অৱশেষত অন্ত পায় প্রশ্নকর্তা : দুপৰীয়ালৈ ৰাতিপুৱা হােৱা সংঘাত পাহৰি যাওঁ আৰু সন্ধিয়ালৈ পুনৰ নতুন হয়।
দাদাশ্রী ? মই এইটো জানাে যে সংঘাত কোন শক্তিৰ দ্বাৰা হয়। তেওঁ বিপৰীতে কয়, তাতে কোনটো শক্তি কাম কৰিছে ? কোৱাৰ পিছত পুনৰ এডজাষ্ট হৈ যায়, এই সকলােবােৰ জ্ঞানৰ দ্বাৰা বুজা যায়, এনেকুৱা । তথাপিও সংসাৰত এডজাষ্ট’ হ’ব লাগিব । কিয়নাে প্রত্যেক বস্তুৰেই অন্ত আছে । আৰু ধৰি লােৱা সেই বস্তু অধিক সময়লৈকে চলিলেও আপুনি তেওঁক ‘হেল্প’ কৰা নাই, বৰং অধিক লােকচান কৰিছে । আপুনি আপােনাৰ নিজৰ আৰু সন্মুখৰ জনৰাে লােকচান কৰিছে।
Page #18
--------------------------------------------------------------------------
________________
১১
অথবা প্রার্থনাৰ এডজাষ্টমেন্ট প্রশ্নকর্তাঃসন্মুখৰ জনক বুজাবৰ বাবে মই মােৰ পুৰষাৰ্থ কৰিলাে, তাৰপিছত তেওঁ বুজে - নুবুজে সেইটো তেওঁৰ পুৰষাৰ্থ ?
দাদাশ্রী ও আমাৰ দায়িত্ব ইমানেই যে আমি তেওঁক বুজাও। যদি তেওঁ নুবুজে তাে তাৰ উপায় নাই। তাৰ পিছত আপুনি ইমানখিনিয়ে ক’ব যে ,হে দাদা ভগৱান ! এওঁক সদবুদ্ধি দিয়ক।ইমানখিনিয়ে ক’ব লাগিব । তেওঁক মাজত ওলমাই থ'ব নােৱাৰে। এয়া কোনাে গল্প নহয়। এয়া ‘দাদাজী’ৰ ‘এডজাষ্টমেন্ট ' ৰ বিজ্ঞান, আশ্চর্যজনক এই ‘এডজাষ্টমেন্ট’ । আৰু যত এডজাষ্ট’হ’ব নােৱাৰে, তাত তাৰ সােৱাদো নিশ্চয়ই অনুভৱ হৈছে আপােনাৰ ? ডিচএডজাষ্টমেন্ট’ এ মূখ। কিয়নাে তেওঁ ভাবে যে মই স্বামিত্ব এৰি নিদিও আৰু মােৰ কথামতেই সকলােৱে চলিব লাগিব । এনেকুৱাকৈ মানি চলিলে গােটেই জীৱন ভােকত মৰিবা আৰু এদিনাখন কাঁহিত ‘পেইজন’(বিষ) আহি পৰিব! সহজৰূপত যি চলিছে, সেয়া চলিব দিয়া ! এইটো কালিযুগ।বাতাবৰণেই কেনেকুৱা ?! এইকাৰণে যেতিয়া পত্নীয়ে কয় যে, “আপুনি নালায়ক হয়। তেতিয়া ক’ব, বহুত ভাল ।
টেড়া (কুটিল) প্ৰকৃতিৰ সৈতে এডজাষ্ট হৈ যাওঁক
প্রশ্নকর্তাঃব্যৱহাৰত থাকিব লগা হয়, এইকাৰণে‘এডজাষ্টমেন্ট একপক্ষীয় হ'ব নালাগে, নহয় নে ?
দাদাশ্রী ও ব্যৱহাৰ তাে সেইটোকেই ক’ব যে, এডজাষ্ট হৈ যায় যাতে ওচৰ-চুবুৰীয়াও কয় যে সকলাে ঘৰতে কাজিয়া হয়, কিন্তু এইখন ঘৰত কাজিয়া নহয়। তেওঁৰ ব্যৱহাৰ সর্বোত্তম কোৱা হয়। যাৰ সৈতে ভাল নালাগে , তাতেই শক্তি বিকশিত কৰিব লাগিব । অনুকূল।
Page #19
--------------------------------------------------------------------------
________________
১২
লাগে য'ত, তাত শক্তি আছেই । প্রতিকূল লাগে,সেইটো দুর্বলতা। মােৰ সকলােৰে সৈতে কিয় অনুকূলতা থাকে ? যিমান এডজাষ্টমেন্ট ল’বা, সিমানে শক্তি বাঢ়িব আৰু দুর্বলতাৰ নাশ হ’ব । সঠিক বােধগম্যতা তেতিয়াহে আহিব, যেতিয়া সমস্ত উলটা বােধ শক্তি বিদূৰ হ’ব।
| নম্র স্বভাৱৰ লােকৰ সৈতে প্রত্যেকেই এডজাষ্ট হ’ব কিন্তু টেড়া (কুটিল), কঠোৰ, খঙাল প্রকৃতিৰ লােকৰ সৈতে, সকলােৰে সৈতে এডজাষ্ট হ’ব পাৰিলে তেতিয়াহে কার্য সিদ্ধ হ’ব । যিমানেই নিলাজলম্পট মানুহ নহওঁক কিয়, তথাপিও তাৰ সৈতে এডজাষ্ট হ’ব পৰা যায়, মনৰ স্থিৰতা নেহেৰায়, সেয়াহে কামৰ কথা। খং কৰিলে তাে নচলিব । জগতৰ কোনাে বস্তুৱেই আমাক ‘ফিট’নহ'ব, আমি এ তাত ‘ফিট’ হৈ যাওঁ তেনেহ'লে সংসাৰ সুন্দৰ আৰু তাক ‘ফিট’ কৰিবলৈ গ'লে সংসাৰ অসুন্দৰ । এইকাৰণেই এডজাষ্ট এভৰীহােৱেৰ! আপুনিয়েই তাত ‘ফিট’ হৈ যােৱা তাে কোনাে অসুবিধা নাই।
ডােন্ট চী ল’, চেটুল ! সন্মুখৰজন টেড়া হয় তথাপিও জ্ঞানী তাৰ সৈতে এডজাষ্ট হৈ যায়। জ্ঞানীপুৰুষক অনুসৰণ কৰি চলিলে সকলাে ধৰণৰ এডজাষ্টমেন্ট লােৱা শিকি যাব । ইয়াৰ অন্তনিহিত চাইন্স এ কি কয়বীতৰাগ হৈ যাওঁক, ৰাগ-দ্বেষ নকৰিব । এয়া ভিতৰত কিছু আসক্তি থাকি যায়, এইকাৰণেই মাৰ খাব লগা হয়। ব্যৱহাৰত যিয়ে একপক্ষীয় নিস্পৃহ হৈ গৈছে, তাকে টেড়া কোৱা হয়। আপােনৰ প্রয়ােজন হলে, সন্মুখৰজন টেড়া হলেও তাক সন্তুষ্ট কৰি ল'ব লাগিব । ষ্টেচনত শ্ৰমিকৰ প্রয়ােজন হ'লে আৰু সি আওঁকান কৰে, তেনেহলেও তাক চাৰি টকা বেছি দি ও সন্তুষ্ট কৰি লব লাগিব আৰু সন্তুষ্ট নকৰে যদি সেই বেগ আমি নিজেই উঠাব লাগিব, নহয় নে !
Page #20
--------------------------------------------------------------------------
________________
ডােন্ট চী ল’জ, প্লীজ চেক্স । সন্মুখৰজনক চেটেলমেন্ট ল’বলৈ কোৱা, ‘আপুনি এনেকুৱা কৰক, তেনেকুৱা কৰক’ এনেকুৱাকৈ কোৱাৰ সময়ে কত ? সন্মুখৰজনৰ এশ ভুল হলেও, আপুনি তাে নিজৰেই ভুল’ কৈ আগ বাঢ়ি যাব লাগিব। এই যুগত ল (নিয়ম) কি চোৱা হয় ? এই তাে শেষ সীমা পর্যন্ত আহি পাইছে। য’তেই চাব তাতেই ল’ৰাঢপৰা (দৌৰা-দৌৰি), ব্যস্ততা! মানুহে সমস্যাত পৰিছে । ঘৰলৈ গ'লে ৱাইফৰ অভিযােগ, সন্তানৰ অভিযােগ, চাকৰীত গলে তাে মালিকৰ অভিযােগ, ৰেলত গলে ভিৰৰ খুন্দা খাব লগা হয়। ক’তাে শান্তি নাই। শান্তি তাে থাকিব লাগে, নহয় নে ? কোনােবাই কাজিয়া কৰে তাে তাৰ ওপৰত দয়া আহিব লাগে যে ‘অৰে, ইয়াৰ কিমান অশান্তি হৈছে যে কাজিয়া কৰিছে !’ যিয়ে আকুল হয়, সিহঁতে সকলােৱেই দুর্বল হয়।
অভিযােগ ? নহয়, ‘এডজাষ্ট কথাটো এনেকুৱা যে, ঘৰতাে ‘এডজাষ্ট’ হ’ব জানিব লাগে । আপুনি সৎসঙ্গৰ পৰা পলমকৈ ঘৰ উভতিলে ঘৰৰ মানুহে কি ক’ব ? “অলপ হলেও তাে সময়ৰ হিচাপ ৰাখিব নালাগে নে ? যদি আমি সােনকালে ঘৰলৈ যাওঁ তাতে কি অসুবিধা ? বলদে আগবাঢ়ি যােৱাত তেলী তাক জোং দি খোঁচা মাৰে, তাৰ সলনি সি আগবাঢ়ি গৈ থাকে যদি কোনােৱেও তাক জোংৰে খোঁচা নামাৰিব, নহয় নে !নহ'লে তেলী জোংৰে খোঁচা মাৰিব আৰু সি আগবাঢ়ি যাব লাগিব । আগবাঢ়ি তাে যাব লাগিবই, নহয় নে ? অপুনি দেখিছে নে এনেকুৱা ? জোং যত আগৰ ফালে গজাল থাকে, সেই দি খোঁচা মাৰে, বােবা প্রাণী কি কৰিব? সি কাক অভিযােগ কৰিব ?
Page #21
--------------------------------------------------------------------------
________________
১৪
| এই মানুহবােৰক যদি কোনােবাই জোংৰে খোঁচা মাৰে তাে সিহঁতক বচাবলৈ অন্য মানুহ আগবাঢ়ি আহিব, কিন্তু সেই বােবা প্রাণী কাক অভিযােগ কৰিব ? এতিয়া তাৰ এনেকুৱা মাৰ খােৱাৰ সময় কিয় আহিল ? কিয়নাে আগতে অনেক অভিযােগ কৰিছিল। তাৰে এই পৰিণাম আহিছে । সেইসময়ত সত্তাত আছিল, তেতিয়া অভিযােগৰ ওপৰত অভিযােগ কৰিছিল। এতিয়া সত্তাতনাই, এইকাৰণেই অভিযােগ নকৰাকৈ থাকিব লাগিব । এইকাৰণে এতিয়া ‘প্লাস- মাইনস’ কৰি দিয়া। ইয়াৰ সলনি ফৰিয়াদীয়েই নহ'ব । তাতে কি ভুল ?ফৰিয়াদী হলে তেতিয়াহে অপৰাধী হােৱাৰ সময় আহিব, নহয় নে ? আমি তাে অপৰাধীও হ’ব নালাগে আৰু ফৰিয়াদীও হ'ব নালাগে! সন্মুখৰজনে গালি দি গলে, সেয়া জমা কৰি ল'ব । ফৰিয়াদীনহ’বই । আপুনি কি ভাবে ? ফৰিয়াদী হােৱা উচিত নে? কিন্তু তাৰ সলনি আগৰ পৰাই এডজাষ্ট হৈ যাওঁ, তাে তাতে কি ভুল?
উল্টা কোৱাৰ পিছত ব্যৱহাৰত এডজাষ্টমেন্ট’কৰাটোকেই এই কালত ‘জ্ঞান’ কোৱা হয়। হয়, এডজাষ্টমেন্ট ল’ব। এডজাষ্টমেন্ট ভাঙিছে, তেতিয়াও এডজাষ্ট কৰি ল'ব । আপুনি তেওঁক ভাল-বেয়া কৈ দিছে । এনেকৈ কোৱা, এই আপােনাৰ হাতত নাই । আপুনিও কেতিয়াবা কয় নে নকয়? কিন্তু পিছত তৎক্ষনাতেই বুজি পােৱা যে ভুল হৈ গৈছে। বুজি নপােৱাকৈ নাথাকে, কিন্তু সেই সময়ত আমি এডজাষ্ট কৰিবলৈ নাযাওঁ ।পিচত তৎক্ষনাতেই তাৰ ওচৰলৈ গৈ ক'ব লাগে যে ,ভাই’ মােৰ মুখেৰে সেই সময়ত ভালবেয়া কৈ দিছিলোঁ, মােৰ ভুল হৈছে , এইকাৰণে মােক ক্ষমা কৰিবা ! তেতিয়া এডজাষ্টমেন্ট হৈ গ'ল। ইয়াতে কিবা অসুবিধা আছে ?
প্রশ্নকর্তা ও নাই, কোনাে অসুবিধা নাই ।
Page #22
--------------------------------------------------------------------------
________________
সকলাে ঠাইতে এডজাষ্টমেন্ট প্রশ্নকর্তা ও অনেক বাৰ এনেকুৱা হয় যে একেই সময়তে দুজন ব্যক্তিৰ সৈতে একেই বিষয়তে ‘এডজাষ্টমেন্ট’ ল'ব লগা হয়, তেতিয়া দুয়ােজনকে কেনেদৰে বুজোৱাত সামর্থ্য হ’ব পৰা যায় ?
| দাদাশ্রী ও দুয়ােজনৰ সৈতেই (এডজাষ্টমেন্ট) ল’ব পৰা যায় । হেৰাে, সাতজনৰ সৈতে ল'ব লগা হ'লেও ল’ব পৰা যায়। এজনে সুধে,মােৰ কি কৰিলে ?' তেতিয়া ক’ব,হয়, ভাই, আপুনি কোৱাৰ নিচিনাকৈ কৰিম। দ্বিতীয় জনকও এনেকুৱাকৈ ক'ব যে, “আপুনি যেনেকৈ কৈছে তেনেকৈ কৰিম। ব্যৱস্থিত’ৰ বাহিৰে একোৱেই নহয়। এইকাৰণে কোনাে প্রকাৰেও কাজিয়া হ’বলৈ নিদিব। মূখ্য বস্তু এডজাষ্টমেন্ট’। হয়’ কোৱাত মুক্তি। আমি হয়’কওঁ, তাৰপিছতও ব্যৱস্থিত’ৰ বাহিৰত কিবা হ’ব নে ? কিন্তু নহয়’ ক’ব তাে ভীষণ ঝেমেলা (মহা-উপাধি) !
ঘৰত স্বামী-স্ত্রী দুয়ােজনে নিশ্চিত কৰে যে আমি এডজাষ্ট’ হম, তেনেহলে দুয়ােজনৰেই সমাধান আহিব। তেওঁ অধিক টনা-টনি কৰে, তেতিয়া আমি এডজাষ্ট’হৈ গ'লে সমাধান ওলাব। এজন মানুহৰ হাতত বেদনা হৈছিল, কিন্তু তেওঁ অন্যক কোৱা নাছিল, আৰু অন্য হাতেৰে সেইখন হাতকডবাই এডজাষ্ট’কৰিছিল। এনেকুৱাকৈ এডজাষ্ট’ কৰিব পাৰিলেহে সমাধান ওলাব । যদি ‘এডজাষ্ট এভৰীহােৱেৰ নহয় তাে সকলােৱে পাগল হৈ যাব । সন্মুখৰ জনক বিৰক্ত কৰিছিল,এই কাৰণেই পাগল হৈছে। কুকুৰক এবাৰ বিৰক্ত কৰিব, দুবাৰ, তিনিবাৰ বিৰক্ত কৰিব, তেতিয়ালৈকে সি আমাৰ সন্মান ৰাখিব, কিন্তু আকৌ বাৰেবাৰে বিৰক্ত কৰি থাকিলে সি ওঁ আমাক কামুৰি দিব। সি ওঁ বুজি পাই যে এওঁ সদায় বিৰক্ত কৰে, এওঁ নালায়ক, নির্লজ্জ। এইটো বুজিব লগা কথা। অলপাে ঝটেই নকৰিব, এডজাষ্ট এভৰীহােৱেৰ।
Page #23
--------------------------------------------------------------------------
________________
যিয়ে ‘এডজাষ্ট হােৱাৰ কলা শিকিছে, তেওঁ সংসাৰৰ পৰা ‘মােক্ষৰ ফালে ঘূৰি গৈছে। এডজাষ্টমেন্ট’ হৈছে , জ্ঞান । যিয়ে ‘এডজাষ্টমেন্ট’ শিকিছে, তেওঁ পাৰ হৈ গৈছে । যি ভুগিব লগা আছে, সেয়া তাে ভুগিবই লাগিব। কিন্তু যিয়ে ‘এডজাষ্টমেন্ট’ ল’বলৈ শিকি গৈছে, তাৰ কোনাে বাধা-বিঘিনি নহ'ব, হিচাপ পৰিশােধ হৈ যাব । কেতিয়াবা ডকাইতৰ সন্মুখীন হলে, যদি ডিচএডজাষ্টমেন্ট হয় তেনেহ'লে সি মাৰিব । তাৰ সলনি আমি নিশ্চিত কৰোঁ যে তাৰ সৈতে ‘এডজাষ্ট’ হৈ কাম উলিয়াই ল'ব লাগিব। তাৰ পিছত তাক সুধিব যে,ভাই’ তােমাৰ কি ইচ্ছা?‘চোৱা ভাই, মই যাত্ৰাত ওলাইছোঁ। (এইদৰে) তাৰ সৈতে ‘এডজাষ্ট হৈ যাওঁক।
পত্নীয়ে খাবলৈ সাজিছে, তাত ভুল-ক্রটি উলিয়ালে সেইটো ব্লন্ডর্স। এনেকৈ ভুল উলিয়াব নালাগে। যেন নিজে কেতিয়াও ভুল নকৰে, এইদৰে কথা কয়। হাউ টু এডজাষ্ট ? এডজাষ্টমেন্ট ল'ব লাগে। যাৰ সৈতে সদায় থাকিব লাগিব, তেওঁৰ সৈতে এডজাষ্টমেন্ট লব নালাগে নে ? নিজৰ পৰা কোনােবাই দুখ পাই, তাক ভগবান মহাবীৰৰ ধৰ্ম কেনেকৈ ক'ব ? আৰু ঘৰৰ মানুহবােৰক তাে অৱশ্যই দুখ দিবইনালাগে।
ঘৰ এখন বাগিচা
এজন ভাই মােক কৈছিল যে, ‘দাদাজী মােৰ পত্নীয়ে ঘৰত এনেকুৱা কৰে, তেনেকুৱা কৰে । তেতিয়া মই তেওঁক ক’লাে যে আপােনাৰ পত্নীক শুধিলে তাে তেওঁ কি ক’ব যে ‘মােৰ স্বামী নির্বোধ হয়। এতিয়া ইয়াত আপুনি নিজৰ একান্তেই ন্যায় কিয় বিচাৰিছে?
Page #24
--------------------------------------------------------------------------
________________
তেতিয়া সেই ভাইজনে ক'লে যে, ‘মােৰ তাে ঘৰ নষ্ট হৈছে, সন্তান বেয়া হৈছে , পত্নী বেয়া হৈছে।মই কলাে,একোই বেয়া হােৱা নাই। আপুনি সেয়া চাব’ নাজানে। ঘৰখন ‘চাবলৈ’ জানিব লাগে ।
| ঘৰত এডজাষ্টমেন্ট নহয়, তাৰ কাৰণ কি ? পৰিবাৰত বেছি সদস্য হলে, তেওঁলােক সকলােৰে সৈতে তাল-মেল নাথাকে। পিছত তিলকে তাল কৰাৰ নিচিনা হৈ যায়। সেয়া কি কাৰণে হয়? মানুহৰ যিটো স্বভাৱ ,সকলােৰে একে ধৰণৰ নহয়। যেনেকুৱা যুগ হয়, তেনেকুৱা স্বভাৱ হৈ যায় । সত্যযুগত পাৰস্পৰিক মিল থাকে । ঘৰত এশ জন সদস্য থাকিলেও দাদাজীয়ে যি কয়, সেই অনুসৰি সকলােৱে চলিছিল আৰু এই কলিযুগত তাে দাদাজীয়ে কিবা কলে তেওঁক ডাঙৰ ডাঙৰ গালি শুনাই দিয়ে। বাপেকে কিবা কয় তাে বাপেককো তেনেকৈ শুনাই দিয়ে ।
| এতিয়া মানুহ তাে মানুহেই, কিন্তু আপুনি চিনিব নাজানে। ঘৰত পঞ্চাশজন মানুহ আছে, কিন্তু আপুনি চিনিব নাজানে,এইকাৰণে কাজিয়াপেচাল হৈ থাকে । তেওঁলােকক চিনিব তাে লাগিব নহয়। ঘৰত এজন ব্যক্তিয়ে অনর্থক বাদ-বিবাদ কৰে তাে সেই তাৰ স্বভাৱ এ। এইকাৰণে আপুনি এবাৰ বুজি ল'ব লাগিব যে এওঁ এনেকুৱাই । আপুনি সঁচাকৈ চিনিব পাৰে যে এওঁ এনেকুৱাই? তেনেহ'লে তাতে আৰু কিবা অনুসন্ধান কৰাৰ প্রয়ােজন আছে নেকি ? আপুনি চিনিব পাৰিছে , তেনেহ'লে একোও অনুসন্ধান কৰাৰ প্রয়ােজন নাথাকে। কাৰােবাৰ ৰাতি দেৰীকৈ শুৱাৰ অভ্যাস হয় আৰুকাৰােবাৰ সােনকালে শুৱাৰ অভ্যাস, তেওঁলােক দুয়ােৰে সম্বন্বয় কেনেকৈ হ'ব ? আৰু পৰিবাৰত সকলাে সদস্য একেলগে থাকে তেনেহ'লে কি হব? ঘৰত এজন ব্যক্তি এনেকুৱাকৈ কওঁতাও থাকে যে আপুনি নির্বোধ হয়’, তেতিয়া আপুনি এনেকুৱাকৈ বুজি লব
Page #25
--------------------------------------------------------------------------
________________
১৮
লাগিব যে এওঁৰ কথাই এনেকুৱা। এইকাৰণে আপুনি এডজাষ্ট হৈ যাব লাগে । তাৰ সলনি যদি আপুনি প্রত্যুত্তৰ দিয়ে তাে আপুনি ভাগৰি পৰিব। কিয়নাে সি তাে আপােনাৰ সৈতে খুন্দিয়ালে, কিন্তু আপুনিও তাৰ সৈতে খুন্দিয়াই তাে আপােনাৰাে চকু নাই এনেকুৱা প্রমাণিত হৈ গ’ল, নহয় নে ? মই ক'ব বিচাৰিছোঁ যে প্রকৃতিৰ চাইন্স জানক। বাকী, আত্মা তাে বেলেগ বস্তু।।
বিভিন্ন, বাগিচাৰ ফুলৰ ৰংসুগন্ধ আপােনাৰ ঘৰ হ’ল এখন বাগিচা। সত্যযুগ, ত্রেতা আৰু দ্বাপৰ যুগত ঘৰ খেতিৰ নিচিনা আছিল। ক'ৰবাত অকল গােলাপেই আছিল, আন ক'ৰবাত আছিল অকল চম্পা । আজিকালি ঘৰ বাগিছাৰ নিচিনা হৈ গৈছে। এইকাৰণে আমি এইটো মােগৰা নে গােলাপ এনেকৈ পৰীক্ষা কৰিব নালাগে নে ? সত্যযুগত এনেকুৱা আছিল যে এখন ঘৰত গােলাপ হলে সকলােৱেই গােলাপ আৰু অন্য ঘৰত মােগৰা হলে অন্য সকলােৱেই মােগৰা হৈছিল। এখন পৰিবাৰত সকলােবােৰ গােলাপৰ গছ, এখন খেতিৰ নিচিনা, এইকাৰণে অসুবিধা হােৱা নাছিল আৰু আজিকালি বাগিছাৰ নিচিনা হৈ গৈছে । এখন ঘৰতে এজন গােলাপৰ নিচিনা আৰু অন্যজন মােগৰাৰ নিচিনা। এইকাৰণে গােলাপে চিঞৰে যে তুমি মােৰ নিচিনা কিয় নহয়? তােমাৰ ৰং চোৱা, কেনেকুৱা বগা, মােৰ ৰং কিমান সুন্দৰ! তেতিয়া মােগৰাই ক’ব যে তােৰ তাে অকল কাঁহট আছে। এতিয়া গােলাপ হলে তাে কাইট থাকিবই, মােগৰা হ'লে তাে কাঁইটনাথাকিব। মােগৰাৰ ফুল বগা হ'ব, গােলাপ ফুল গােলােপীয়া হ’ব, লাল হ'ব। এই কলিযুগত এখন ঘৰতে বেলেগ-বেলেগ গছ হয়। অর্থাৎ ঘৰ বাগিছাৰ নিচিনা হৈ গৈছে। কিন্তু এই তাে নিৰীক্ষণ কৰিবলৈ
Page #26
--------------------------------------------------------------------------
________________
১৯
নাজানে, তেওঁৰ কি হ’ব ? তেওঁৰ দুখ তাে হ’বই ! জগতৰ এই নিৰীক্ষণ কৰাৰ দৃষ্টিনাই । অন্যথা,কোনাে বেয়া নহয়েই। এই মতভেদ তাে নিজৰ অহংকাৰৰ কাৰণে হয়। যােনে চাব নাজানে, তেওঁৰ অহংকাৰ আছে । মােৰ অহংকাৰ নাই কাৰণে সমস্ত জগতৰ কাৰােৱে সৈতে মােৰ মতভেদ, নহয়। মই চাবলৈ জানাে যে এইটো গােলাপ’, এইটোমােগৰা’, এইটো ‘ধতুৰা’, এইটো তীতা ‘কুদৰু ৰ ফুল। এনেকুৱাকৈ সকলাে মই চিনি পাওঁ। মানে বাগিছাৰ নিচিনা হৈ গৈছে । এইটো প্রশংসনীয় নহয় নে ? আপুনি কি ভাৱে ?
প্রশ্নকর্তা ও ঠিকে আছে।
দাদাশ্রী : কথা তাে এনেকুৱা যে, প্রকৃতিত পৰিবর্তন নহয়। সেই তাে যেনেকুৱাৰ তেনেকুৱাই বস্তু, তাতে পার্থক্য নহয়। মই প্রত্যেক প্রকৃতিক জানিছোঁ, এইকাৰণে তৎক্ষণাৎ চিনি পাওঁ। এইকাৰণে মই প্রত্যেকৰে সৈতে তেওঁৰ প্রকৃতি অনুসৰি থাকোঁ। সূৰ্য্যৰ সৈতে যদি আমি দুপৰীয়া বাৰ বজাত বন্ধুত্ব কৰোঁ তেতিয়া কি হ'ব ? এইদৰে যদি আমি বুজি লওঁ যে এই গ্রীস্মৰ সূৰ্য্য, এই শীতৰ সূৰ্য্য এনেকুৱাকৈ সকলাে বুজিলে কিবা অসুবিধা হ’ব নে ?
মই প্রকৃতি চিনি পাওঁ, এইকাৰণে আপুনি খুন্দিয়াব বিচাৰিলেও মই খুন্দিয়াব নিদিওঁ, মই আঁতৰি যাম । নহ'লে দুয়ােৰেই এক্সিডেন্ট হৈ যাব আৰু দুয়ােৰেই স্পেয়ৰপার্টচ ভাঙি যাব । কাৰােবাৰ বাম্পাৰ ভাঙি যায় তাে ভিতৰত বহি থকা সকলৰ কি অৱস্থা হ'ব ? বহি থকা সকলৰ তাে দুর্দশা নহ'ব নে ! এইকাৰণে প্রকৃতি চিনক। ঘৰত প্রত্যেকৰেই প্রকৃতি চিনি ল'ব লাগিব ।
এই কলিযুগত প্রকৃতি খেতিৰ নিচিনা নহয়, বাগিচাৰ নিচিনা। এজন চম্পা, অন্যজন গােলাপ, মােগৰা, চামেলী আদি। এইকাৰণে
Page #27
--------------------------------------------------------------------------
________________
সকলাে ফুলেই কাজিয়া কৰে । এজনে ক’ব যে মােৰ এনেকুৱা, তাে অন্যজনে ক’ব যে মােৰ এনেকুৱা । তেতিয়া এজনে ক’ব যে তােমাৰ কাইট আছে, আঁতৰি যা, তােৰ সৈতে কোনে ঠিয় হ’ব ? এনেকুৱাকৈ কাজিয়া চলিয়েই থাকে।
কাউন্টাৰ পুলীৰ চমকাৰ আমি নিজৰ অভিপ্রায় প্রথমে ৰাখা উচিত নহয়। সন্মুখৰজনক সুধিব যে এই বিষয়ে আপুনি কি ক’ব বিচাৰিছে ? সন্মুখৰজনে নিজৰ মত ধৰি ৰাখে, তাে মই নিজৰ কথা এৰি দিওঁ । আমি তাে এইটোৱেই চাব লাগে যে কেনেকৈও যাতে সন্মুখৰজনৰ দুখ নহয়। নিজৰ অভিপ্রায় সন্মুখৰজনৰ ওপৰত জাপি দিব নালাগে। সন্মুখৰজনৰ অভিপ্রায় আপুনি ল'ব লাগে। মই তাে সকলােৰে অভিপ্রায় স্বীকাৰ কৰি ‘জ্ঞানী’ হৈছে। মই নিজৰ অভিপ্রায় কাৰােবাৰ ওপৰত জাপি দিলে তাে মই অবুজ হৈ যাম । নিজৰ অভিপ্রায়ৰ দ্বাৰা কোনাে লােকৰে দুখ হ'ব নালাগে।।
আপােনাৰ ৰিভলিউশ্বন’ওঠৰ শৰ হয় আৰু অন্যজনৰ ছয় শৰ হয় আৰু আপুনি নিজৰ অভিপ্রায় তেওঁৰ ওপৰত জাপি দিলে, তাে তেওঁৰ ইঞ্জিন’ ভাঙি যাব। তেওঁৰ সমস্ত ‘গীয়াৰ সলাব লাগিব।
| প্রশ্নকর্তা ঃ ‘ৰিভলিউশ্বন’ মানে কি? | দাদাশ্রী ঃ এই যিটো চিন্তা কৰাৰ স্পীড, সেইটো প্রত্যেকৰে বেলেগ-বেলেগ হয়। কিবা ঘটনা ঘটিলে মন এ এক মিনিটত কিমানবােৰ দেখাই দিয়ে, তাৰ সমস্ত পৰ্য্যায় ‘অ্যাট এ টাইম’ দেখাই দিয়ে। এই ডাঙৰ-ডাঙৰ প্ৰেজিডেন্ট সকলৰ এক মিনিটত বাৰ শ ‘ৰিভলিউশ্বন’ ঘূৰে আৰু মােৰ পাঁচ হাজাৰ আৰু ভগবান মহাবীৰৰ লাখ ‘ৰিভলিউশ্বন’ ঘূৰিছিল!
Page #28
--------------------------------------------------------------------------
________________
এই মতভেদ হােৱাৰ কাৰণ কি ? আপােনাৰ পত্নীৰ এশ ‘ৰিভলিউশ্বন’ থাকে আৰু আপােনাৰ পাঁচ শ ‘ৰিভলিউশ্বন’ থাকে আৰু আপুনি মাজত ‘কাউন্টাৰ পুলী’দিব নাজানে, এইকাৰণে স্ফুলিঙ্গ উৎপন্ন হয় আৰু কাজিয়া হৈ থাকে। হেৰা ! কেতিয়াবা - কেতিয়াবা তাে ইঞ্জিন’ ও ভাঙি যায়। ‘ৰিভলিউশ্বন’ মানে বুজিলে নে আপুনি ? আপুনি এই বনুৱাৰ সৈতে কথা ক'লে তাে আপােনাৰ কথা সি বুজি নাপাব। তাৰ ‘ৰিভলিউশ্বন’পঞ্চাশ আৰু আপােনাৰ পাঁচ শ থাকে। কাৰােবাৰ হাজাৰ হয়, কাৰােবাৰ বাৰ শ হয়, যেনেকুৱা যাৰ ডেভেলপমেন্ট হয়, সেই অনুসৰি ৰিভলিউশ্বন’হয়। মাজত ‘কাউন্টাৰ পুলী’দিলেহেসি আপােনাৰ কথা বুজিব পাৰিব। কাউন্টাৰ পুলী’ মানে আপুনি মাজত পেটী দি আপােনাৰ ৰিভলিউশ্বন কম কৰিব লাগিব। মই প্রত্যেক মানুহৰ সৈতে ‘কাউন্টাৰ পুলী’ দি দিওঁ। অকল অহংকাৰ গুচি গ'লেই কাম হ’ব এনে নহয়। কাউন্টাৰ পুলী’ ও প্রত্যেকৰে সৈতে দিব লগা হয়। এইকাৰণে মােৰ কাৰে সৈতে মতভেদেই নহয়। মই জানাে যে এই ভাই ৰ ইমানখিনিয়ে ‘ৰিভলিউশ্বন’হয়। এইকাৰণে সেই অনুসৰি মই ‘কাউন্টাৰ পুলী’ দি দিউ। সৰু ল'ৰা-ছােৱালীৰ স’তেও মই খাপ খাওঁ। কিয়নাে মই সিহঁতৰ সৈতে চল্লিশ ৰিভলিউশ্যন লগাই কথা পাতোঁ। এইবাবে মােৰ কথা সিহঁতে বুজিব পাৰে, নহ'লে সেই ‘মেশ্বিন’ ভাঙি যাব।
প্রশ্নকর্তা : কোনােবা সন্মুখৰজনৰ লেভেলত আহে, তেতিয়াহে কথা হয় ?
দাদাশ্রী ও হয়, তেওঁৰ ৰিভলিউশ্বন ত আহে তেতিয়াহে কথা হ’ব। আপােনাৰ সৈতে কথা-বতৰা কৰি থাকোতে মােৰ ৰিভলিউশন কত-ক’ত ঘূৰি আহিল! সমগ্র বিশ্ব ঘূৰি আহিল! আপুনি কাউন্টাৰ ।
Page #29
--------------------------------------------------------------------------
________________
২২
পুলী' দিব নাজানে, তাত কম ‘ৰিভলিউশ্বন’ৰ ইঞ্জিনৰ কি দোষ? সেইটো আপোনাৰ ভুল যে ‘কাউন্টাৰ পুলী' দিব নাজানে !
শিকক, ফিউজ লগোৱা
ইমানখিনিয়ে বুজি ল'ব যে এই ‘মেশ্বীনাৰী’ কেনেকুৱা ! তাৰ ‘ফিউজ’উৰি গ’লে কেনেকৈ ‘ফিউজ’লগোৱা হয়। সন্মুখৰজনৰ প্ৰকৃতিৰ সৈতে ‘এডজাষ্ট’ হ’ব পাৰিব লাগে । মোৰ তো, যদি সন্মুখৰজনৰ ‘ফিউজ’ উৰি যায়, তেনেহ'লেও এডজাষ্টমেন্ট হয়। কিন্তু সন্মুখৰজনৰ ‘এডজাষ্টমেন্ট’ ভাঙি যায় তেতিয়া কি হ’ব? ‘ফিউজ’ উৰি গ’ল, তো তেওঁ বেৰৰ সৈতে খুন্দিয়াব, দুৱাৰৰ সৈতে খুন্দা খাৱ, কিন্তু তাঁৰ নিছিঙে, কানেকশন নিছিঙে। এইকাৰণে যদি কোনোবাই ফিউজ লগাই দিয়ে তেতিয়া পুণৰ সকলো ঠিক হৈ যাব, নহ'লে তেতিয়ালৈকে তেওঁ অশান্তিতে থাকিব।
আয়ু কম আৰু জঞ্জাল বেছি
সকলোতকৈ ডাঙৰ দুখ কি ? ‘ডিচএডজাষ্টমেন্ট’। তাত এডজাষ্ট এভৰীহোৱেৰ কৰিলেনো কি আপত্তি থাকিব পাৰে ? প্রশ্নকর্তা ঃ তাতে তো পুৰষাৰ্থ লাগে ।
দাদাশ্রী ঃ কোনো পুৰষাৰ্থ নালাগে। মোৰ আজ্ঞাৰ পালন কৰক যে দাদাজীয়ে কৈছে যে ‘এডজাষ্ট এভৰীহোৱেৰ’, তেতিয়া ‘এডজাষ্ট হৈ থাকিব । ‘পত্নীয়ে কয় যে, ‘তুমি চোৰ’ । তেতিয়া ক’বা যে ‘ইউ আৰ কাৰেক্ট'। পত্নীয়ে দেড়শ টকাৰ শাড়ী আনিবলৈ ক'লে, আপুনি পঁচিশ টকা বেছি দিব তেতিয়া ছয় মাহ পৰ্য্যন্ত সকলো ঠিকঠাক চলি থাকিব !
Page #30
--------------------------------------------------------------------------
________________
চোৱা, ব্রহ্মাজীৰ একদিন, সিমান আমাৰ গােটেই জীৱন! ব্রহ্মাজীৰ এদিনৰ সমান জীৱন আৰু এই কি জঞ্জাল ? যদি আপুনি ব্রহ্মাজীৰ এশ বছৰ জীৱিত থাকে তেনেহ'লে ভাবাে যে, ‘ঠিকে আছে। এডজাষ্ট কিয় হ’বা ?’দাবী দাখিল কৰিব ক’ব। কিন্তু এই তাে সােনকালে শেষ কৰিব লাগিব, তাৰ কি কৰিব লাগিব ? এডজাষ্ট হৈ যাব নে দাবী দাখিল কৰিবলৈ ক'ব? কিন্তু এয়াতাে এদিন মাথাে, এইটো সােনকালে শেষ কৰিব লাগিব। যিটো কাম সােনকালে শেষ কৰিব লাগে, তাতে কি কৰিব লাগিব ? এডজাষ্ট হৈ সৰু কৰি দিব লাগিব, নহ'লে বাঢ়িয়ে থাকিব নেনবঢ়াকৈ থাকিব ?পত্নীৰ সৈতে কাজিয়া কৰিলে ৰাতি টোপনী আহিব নে ? আৰু ৰাতিপুৱা ভাল জলপানও খাব নাপাব।
আত্মস্থ কৰক জ্ঞানীৰ জ্ঞানকলা! কোনােবা দিনা পত্নীয়ে কয়, “মােক সেই শাড়ীখন আনি নিদিয়ে নে ? মােক সেই শাড়ীখন আনি দিব লাগিব। তেতিয়া স্বামীয়ে সুধিব, ‘তুমি কিমান দামৰ সাড়ী দেখিছিলা?’ পত্নীয়ে ক'ব, বাইশ শ টকাৰ বেছি নহয়। তেতিয়া তেওঁ ক'ব, তুমি বাইশ শ টকাৰ কৈছা কিন্তু মই এতিয়া টকা পাম ক’ত? এতিয়া হাতত টকা নাই, দু শ তিনি শ টকাৰ হলে আনি দিলােহেঁতেন, কিন্তু তুমি বাইশ শ কৈছাঁ৷ তেওঁ খং কৰি বহি থাকিলে, তেতিয়া কি দশা হ’ব পিছত ! মনত এনেকুৱাও বিচাৰ আহে যে হেৰা, ইয়াতকৈ তাে বিয়া নকৰালেই ভাল আছিল । বিয়াৰ পিছত প্রায়শ্চিত হয়, তাতে কি লাভ ? অর্থাৎ এইবােৰেই দুখ ।
প্রশ্নকর্তা ও আপুনি এনেকৈ ক'ব বিচাৰিছে পত্নীক বাইশ শ টকাৰ শাড়ী আনি দিব লাগিব ?
দাদাশ্রী ও আনি দিব নে আনি নিদিয়ে সেইটো আপােনাৰ
Page #31
--------------------------------------------------------------------------
________________
ওপৰত নিৰ্ভৰ কৰিছে। খং কৰি সদায় ৰাতি খাদ্য নবনাওঁ বুলি ক'লে, তেতিয়া আপুনি কি কৰিব ? ৰান্ধনী ক'ৰ পৰা আনিব ? এইকাৰণে পিচত ধাৰ কৰিও শাড়ী আনি দিব লাগিব, নহয় নে ?
আপুনি কিবা এনেকুৱা ব্যৱস্থা কৰক যে তেওঁ নিজেই শাড়ী নলয়। যদি আপুনি মাহত আঠ হাজাৰ টকা পাই, আপুনি এক হাজাৰ টকা নিজৰ জেপ খৰছৰ বাবে ৰাখি সাত হাজাৰ টকা তেওঁক দি দিব । জানাে তাৰ পিছত তেওঁ ক'ব যে শাড়ী আনি দিয়ক ? আৰু কেতিয়াবা আপুনিয়েই ধেমালী কৰি ক'ব যে সেই শাড়ীখন বহুত ধুনিয়া আছিল, নলয় কিয়?’তাৰ ব্যৱস্থা তেওঁ নিজেই কৰিব লাগিব । যদি ব্যৱস্থা আমি কৰিব লগা হয়, তেতিয়া তেওঁ আপােনাক বাধ্য কৰিব । এই সকলাে বিদ্যা মই ‘জ্ঞান’ হােৱাৰ আগতেই শিকিছিলোঁ । পিছত জ্ঞানী হৈছোঁ। সমস্ত বিদ্যাই মােৰ প্রাপ্তি হৈছিল, তেতিয়াহে মােৰ ‘জ্ঞান’ হৈছিল । এতিয়া কওঁক, এই বিদ্যা নাজানে, এই কাৰণেই এই দুখ হৈছে, নহয় নে ! আপুনি কি ভাৱে ?
প্রশ্নকর্তা ও হয়, ঠিকেই।
দাদাশ্রী ঃ এইটো আপনি বুজি পাইছে নে ? ভুল তাে তােমাৰ নিজৰেই, নহয়নে ? বিদ্যা নাজানে এই কাৰণেই নে ! বিদ্যা শিকাৰ প্রয়ােজন আছে । আপুনি একো কোৱা নাই যে ?
বিদ্বেষৰ (মনােমালিন্য) মূল কাৰণ ঃ অজ্ঞানতা
প্রশ্নকর্তা ও কিন্তু বিদ্বেষ (মনােমালিন্য) হােৱাৰ কাৰণ কি ? স্বভাৱ নিমিলে, এইকাৰণেই?
দাদাশ্রী ও অজ্ঞানতাৰ কাৰণে । সংসাৰৰ অর্থই হ’ল যে কাৰােৰ স্বভাৱ কাৰােৰ সৈতে নিমিলেই। এই জ্ঞান প্রাপ্ত কৰাৰ এটাই ৰাস্তা,
Page #32
--------------------------------------------------------------------------
________________
২৫
‘এডজাষ্ট এভৰীহোৱেৰ’! কোনোবাই আপোনাক মাৰিলেও আপুনি তাৰ সৈতে ‘এডজাষ্ট’ হৈ যাব ।
মই এই সৰল আৰু চিধা উপায় কৈছোঁ । আৰু এই সংঘাত কি সদায় হয় নে ? সেয়া নিজৰ কৰ্মৰ উদয় হয়, তেতিয়াহে হয়, সেই সময়ত আমি ‘এডজাষ্ট’ হ'ব লাগিব । ঘৰত পত্নীৰ সৈতে কাজিয়া হ'লে তাৰপিছত তেওঁক হোটেলত লৈ গৈ খুৱাই আনন্দিত কৰি দিবা ৷ এতিয়া অন্তর্দাহ থাকিব নালাগে।
সংসাৰৰ কোনো বস্তুৱেই আমাৰ ফিট (এডজাষ্ট) নহ'ব । আমি তাক ফিট হৈ যাওঁ তো এই সংসাৰ সুন্দৰ আৰু যদি তাক ফিট কৰিব যোৱা তো সংসাৰ টেড়া। এইকাৰণে ‘এডজাষ্ট এবৰীহোৱেৰ’। আমিয়ে তাতে ফিট হৈ যাওঁ তো কোনো অসুবিধা নাই ।
দাদাজী, পূর্ণত : এডজাস্টেবল
এবাৰ কঢ়ী (এবিধ আঞ্জা) ভাল হৈছিল কিন্তু নিমখ অলপ বেছি হৈছিল৷ মোৰ মনত বিচাৰ আহিল যে ইয়াতে নিমখ অলপ বেছি আছে, কিন্তু অলপ খাব তো লাগিবই নহয় ! হীৰাবা (দাদাজীৰ পত্নী) ভিতৰলৈ যোৱাত মই অলপ পানী মিহলাই দিলোঁ । তেওঁ সেইটো দেখিলে আৰু কলে ‘এইটো কি কৰিলে ?’ মই ক’লো, ‘আপুনি চৌকাৰ ওপৰত বহাই পানী ঢালে, মই ইয়াত তলত ঢালিছোঁ। তেতিয়া ক’লে, ‘কিন্তু মই তো পানী ঢালি তাক উতলাই দিওঁ ।’মই ক’লো, ‘মোৰ বাবে দুয়োটাই সমান।' মোৰ তো কামৰ সৈতে সম্পৰ্ক !
আপুনি মোক এঘাৰটা বজাত কয় যে, ‘আপুনি খানা খাই ল'ব লাগিব। মই কওঁ, ‘অলপ দেৰিকৈ খালে নচলিব নে ?' তেতিয়া যদি আপুনি কয় যে, নহয়, খানা খাই লওঁক, তো কাম শেষ হ'ব ।' তেনেহ'লে
Page #33
--------------------------------------------------------------------------
________________
২৬
মই তৎক্ষণাত খানা খাবলৈ বহি যাম। মই আপোনাৰ সৈতে ‘এডজাষ্ট’
হৈ যাম ।
কাঁহিত যি আহে সেই খাই ল'ব। যি সন্মুকত আহে, সেয়াই সংযোগ আৰু ভগৱানে কৈছে যে সংযোগক ধাক্কা (ঠেল) মাৰিলে সেই তোমাকেই লাগিব। এইকাৰণে মোৰ ভাল নলগা বস্তু কাঁহিত দিলে তাৰ পৰা দুটা বস্তু খাই লওঁ । নাখালে দুয়োৰে সৈতে কাজিয়া হ'ব । প্রথমে তো যোনে ৰান্ধিছে তেওঁৰ সৈতে ঝঞ্ঝট হ'ব, তিৰস্কাৰ কৰা হ'ব আৰু দ্বিতীয়তে, খাদ্যবস্তুৰ সৈতে । খাদ্যবস্তই ক’ব যে, ‘মই কি দোষ কৰিছোঁ ? মই তোৰ ওচৰলৈ আহিছোঁ, তুমি মোৰ অপমান কিয় কৰিছা ? যি ঠিক লাগে সিমান লোৱা, কিন্তু মোৰ অপমান নকৰিবা।' এতিয়া আমি তাক মান দিয়া উচিত নহয় নে ? মোক কোনোবাই ভাল নলগা বস্তু দিলেও মই তাক মান দিওঁ । কিয়নো এনেকুৱা এইকাৰণেই, এনেই একোৱেই পোৱা নাযায়, আৰু যদি পোৱা যায় তাক মান দিব লগা হয় ৷ কোনো বস্তু আপোনাক খাবলৈ দিছে আৰু আপুনি তাতে দোষ উলিয়াই তো ইয়াতে সুখ কমিব নে বাঢ়িব ?
য'ত সুখ কমি যায় এনেকুৱা কাম নকৰাই উচিত, নহয় নে ! মই তো অনেকবাৰ মোৰ ভাল লগা আঞ্জা নাথাকিলেও খাই লওঁ আৰু বৰং প্ৰশংসা কৰোঁ আজিৰ আঞ্জা বহুত ভাল হৈছে।
হেৰা, অনেকবাৰ চাহত চিনি নিদিলেও, মই নকওঁ । তেতিয়া মানুহে কয় যে, এনেকুৱা কৰিলে ঘৰত সকলো নষ্ট হৈ যাব।' মই ক'লো যে, “আপুনি কালি কি হয় চাব নে ?' তেতিয়া পিচদিনা শুনিব পালো যে, ‘কালি চাহত চিনি নাছিল, তথাপিও আপুনি মোক একো নকলে ?' মই ক’লো যে, ‘মোৰ কোৱাৰ কি প্রয়োজন ? তুমি তো বুজি পাবাই ! তুমি নাখালে মোৰ কোৱাৰ প্ৰয়োজন আছিল । তুমি তো খোৱা, তেনেহ'লে মোৰ কোৱাৰ কি প্রয়োজন ? !
Page #34
--------------------------------------------------------------------------
________________
প্রশ্নকর্তা ও কিন্তু কিমান সচেতন হ'ব লাগিব, প্রতি মুহূর্তে।
দাদাশ্রী ও প্রতি মুহূর্তে, চব্বিশ ঘন্টাই জাগৃতি (বা জাগৰণৰ প্রয়ােজন), তাৰ পিচত এই ‘জ্ঞান’আৰম্ভ হ’ল। এই ‘জ্ঞান’এনেই হােৱা নাই ! অর্থাৎ প্রথমৰ পৰাই এইদৰে সকলাে ‘এডজাষ্টমেন্ট’ লৈছিলোঁ। যিমান সম্ভৱ, তেতিয়ালৈকে বিদ্বেষ (বা মনােমালিন্য) হ’ব দিয়া নাই ।
| এবাৰ মই গা ধুবলৈ গৈছিলোঁ, তেতিয়া মগ ৰাখিব পাহৰি গৈছিল। এতিয়া যদি মই এডজাষ্ট নকৰোঁ তাে মই কি জ্ঞানী ? মই এডজাষ্ট কৰি লওঁ। হাত দি দেখিলোঁ পানী বহুত গৰম ।নলী খুলিলাে তাে টেংকি খালি । পিছত মই লাহে-লাহে হাতেৰে পানী লিপি ঠাণ্ডা কৰি গা ধুলোঁ । সকলাে মহত্মাই কলে যে, “আজি দাদাজীৰ গা ধােৱাত অনেক সময় লাগিছে। তাে কি কৰিম? পানী ঠাণ্ডা হলে তেতিয়াহে নে ? মই কাকোৱে এইটো আনা আৰু সেইটো আনা’ এনেকৈ নকওঁ। এডজাষ্ট হৈ যাওঁ । এডজাষ্ট হৈ যােৱাই ধর্ম। এই জগতত তাে প্লাচমাইনাচৰ এডজাষ্টমেন্ট কৰিব লগা হয়। মাইনাচ হলে তাতে প্লাচ আৰু প্লাচ হলে তাতে মাইনাচ কৰিব লগা হয়। মােৰ বােধশক্তিকও যদি কোনােবাই পাগলামি কয় তাে মই কম, ‘হয়, ঠিকে আছে। তৎক্ষণাৎ তাক মাইনাচ কৰি দিওঁ।
যিয়ে এডজাষ্ট হ’বনাজানে তাক মানুহ কেনেকৈ ক'ব ?যিজনে সংযােগৰ বশ হৈ এডজাষ্ট হৈ যায়, সেইখন ঘৰত একো জঞ্জাল নহয়। মইও হীৰাবাৰ সৈতে এডজাষ্ট হৈ আচিলোঁ নহয়! তেওঁৰ লাভ ল’ব বিচাৰে যদি এডজাষ্ট হৈ যাওঁক। এয়া কোনাে বস্তুৰ লাভও নহয় আৰু ওপৰঞ্চি শত্রুতাৰ সৃষ্টি কৰিব । কিয়নাে প্রত্যেক জীৱ স্বতন্ত্র আৰু নিজে সুখ বিচাৰি আহিছে । সি অন্যক সুখ দিবলৈ অহা নাই । এতিয়া সি সুখৰ সলনি দুখ পালে তাে শত্রুতা বান্ধিব, তেওঁ পত্নী হওঁক বা পুত্র হওঁক ।
Page #35
--------------------------------------------------------------------------
________________
২৮
প্রশ্নকর্তাঃ সুখ বিচাৰি আহি যদি দুখ পায়, তেনেহ'লে বৈৰীভাৱ হয়, নহয় নে ?
| দাদাশ্রী ও হয়, সি ভাই হওঁক বা পিতৃ হওঁক, কিন্তু ভিতৰেভিতৰে সেই কাৰণে শত্রুতা হয় । এইখন জগত এনেকুৱাই, শত্রুতা কৰে ! স্ব-ধৰ্মত কাৰে সৈতে শত্রুতা নহয়।
প্রত্যেক ব্যক্তিৰ জীৱনত কিছু প্রিঞ্চিপল (সিদ্বান্ত) থাকিবই লাগে। তথাপিও সংযােগানুসৰি ব্যৱহাৰ কৰিব লাগে। সংযােগৰ সৈতে এডজাষ্ট হৈ যায়,তেৱেঁই মানুহ। যদি প্রত্যেক সংযােগতে এডজাষ্টমেন্ট ল’ব শিকে তেনেহ'লে মােক্ষতে যাব পাৰে, এনেকুৱা আশ্চৰ্য্যৰ হাতিয়াৰ।
এই দাদাজী সূক্ষ্মদর্শী ও হয়, মিতব্যয়ীও হয় আৰু উদাৰ । সম্পূর্ণভাবে অমিতব্যয়ী হােৱাৰ পিছতাে কমপ্লীট এডজাস্টেবল। অন্যৰ কাৰণে উদাৰ, নিজৰে বাবে মিতব্যয়ী আৰু উপদেশ দিব লগাত গহীন । এইকাৰণে সন্মুখৰজনে মােৰ গভীৰতাপূর্ণ ব্যৱহাৰ দেখে । মােৰ ইকোনমি এডজাষ্টেবল হয়, টপমােষ্ট হয়। মই তাে পানীৰ ব্যৱহাৰাে মিতব্যয়ীতাৰ সৈতে কৰোঁ । মােৰ প্রকৃতগুণ সহজভাৱে থাকে।
অন্যথা ব্যৱহাৰৰ জোঁটেই আওল লগাব
প্রথমে এই ব্যৱহাৰ শিকিব লাগিব। ব্যৱহাৰৰ জ্ঞান নুবুজাৰ কাৰণেই মানুহে বিভিন্ন প্রকাৰে মাৰ খাইছে।।
প্রশ্নকর্তা ও আধ্যাত্মা সম্পর্কে আপােনাৰ উপদেশৰ বিষয়ে কি ক’ব , কিন্তু ব্যৱহাৰতও আপােনাৰ উপদেশ ‘টপ’ (সর্বোত্তম) হয়।
দাদাশীঃ আচলতে কি হয়, ব্যৱহাৰৰ বােধ ‘টপ’ৰ নােহােৱাকৈ
Page #36
--------------------------------------------------------------------------
________________
কোনােৱে মােক্ষত যােৱা নাই। কিমানেই মূল্যৱান, বাৰ লাখৰ আত্মজ্ঞান হলেও, কিন্তু কি ব্যৱহাৰে এৰিব নে ?! সি নেৰিলে তাে আপুনি কি কৰিব? আপুনি তাে নিশ্চয়েই ‘শুদ্ধাত্মা’কিন্তু ব্যৱহাৰে এৰিলে তেতিয়াহে নে ? আপুনি ব্যৱহাৰক জটিল কৰি থাকে। শীঘ্ৰে সমাধান আনক নে ? | এই ভাইজনক কোৱা হ’ল যে,‘যােৱা দোকানৰ পৰা আইচক্রীম লৈ অহা । কিন্তু আধা ৰাস্তাৰ পৰাই উভতি আহে। মই শুধাে, ‘কিয় ? তাে সি ক’ব যে, ৰাস্তাত গাধ সন্মুখত আহি গল, অমঙ্গল হৈ গ'ল!’ এতিয়া তাৰ এনেকুৱা উল্টা জ্ঞান হৈ গৈছে , তাক মই দূৰ কৰি দিব নালাগিব নে ? তাক বুজাব লাগিব যে ‘ভাই’ গাধৰ ভিতৰত ও ভগৱান বিৰাজিত, এইকাৰণে অমঙ্গল একো নহয়। তুমি গাধক তিৰস্কাৰ কৰিলে সেয়া তাৰ ভিতৰত বিৰাজমান ভগবানক লাগিব।ইয়াতে তােমাৰ ভীষণ দোষ হ’ব। পুনৰাই এনেকুৱা নকৰা যেন। এনেকুৱা উল্টা জ্ঞান হৈছে, এইকাৰণেই মানুহে এডজাষ্ট হ’ব নােৱাৰে ।
উল্টাক চিধা কৰে, সেয়া সমকিতী। সমকিতীৰ লক্ষণ কি ? তেতিয়া কওঁ যে, ঘৰৰ সকলাে মানুহেই কিবা উল্টা কৰিলেও তেওঁ সৰল কৰি দিয়ে। প্রত্যেক কাৰ্য্যতে সৰল কৰি নিয়াই, সমকিতীৰ লক্ষণ। মই এই জগতৰ বহুত সূক্ষ্ম অনুসন্ধান কৰিছিলোঁ । অন্তিম প্রকাৰৰ অনুসন্ধানৰ পাচত মই এই সকলাে কথা কৈছোঁ ।ব্যৱহাৰত কেনেদৰে থাকিব লাগে, সেয়াও কৈছোঁ আৰু মােক্ষত কেনেকৈ যাৱ পাৰি, এয়াও কৈছোঁ। আপােনাৰ বাধা-বিঘিনি কেনেদৰে কম হয়, এয়াই মােৰ উদ্দেশ্য।
আপােনাৰ কথা সন্মুখৰজনৰ ‘এডজাষ্ট’ হ’বই লাগে ।
Page #37
--------------------------------------------------------------------------
________________
আপােনাৰ কথা সন্মুখৰজনৰ এডজাষ্ট’ নহ'লে সেইটো আপােনাৰেই ভুল । ভুল শুধৰিলে ‘এডজাষ্ট হ’ব। বীতৰাগৰ কথা ‘এভৰীহােৱেৰ এডজাষ্টমেন্ট’ ৰ।।
| প্রশ্নকর্তা ও দাদাজী, এডজাষ্ট এভৰীহােৱেৰ এই যি আপুনি ক’লে তাৰ দ্বাৰা তাে সকলাে মহত্বপূর্ণ বিষয়ৰ সমাধান ওলাই আহে !
| দাদাশ্রী ও সকলােৰে সমধান ওলাই যায়। মােৰ এই এটা-এটা শব্দ, সকলােৰে শীঘ্ৰে সমাধান আনিব । এইবােৰে একদম মােক্ষলৈ লৈ যাব। এইকাৰণে ‘এডজাষ্ট এভৰীহােৱেৰ’!
প্রশ্নকর্তা : এতিয়ালৈকে যত ভাল লাগিছিল, তাতে সকলােৱে এডজাষ্ট হৈছিল আৰু আপােনাৰ কথা শুনি তাে এনেকুৱা লাগিছে যত ভাল নালাগে, তাতেই প্রথমে নিজেই এডজাষ্ট হৈ যাব লাগে।
দাদাশ্রী ও ‘এভৰীহােৱেৰ এডজাষ্ট হ’ব লাগিব ।
দাদাজীৰ আশ্চৰ্য্য বিজ্ঞান প্রশ্নকর্তা ও ‘এডজাষ্টমেন্ট’ ৰ যিটো কথা ক'লে, তাৰ পিচৰ অন্তনিহিত ভাব কি ? আৰু কিমানলৈকে এডজাষ্টমেন্ট’ লােৱা উচিত? | দাদাশ্রী ও ভাব শান্তিৰ, হেতুও শান্তিৰ । অশান্তি উৎপন্ন হ'ব নিদিয়াৰ এই পদ্ধতি । এয়া দাদাজীৰ ‘এডজাষ্টমেন্ট’ৰ বিজ্ঞান। অদ্ভুত ‘এডজাষ্টমেন্ট’ এই । আৰু যত ‘এডজাষ্ট হ’ব নােৱাৰে, তাৰ সােৱাদ, তাে আপুনি পাইছে, নহয় নে ? ! ‘ডিচএজাষ্টমেন্ট’ এ মূখ । ‘এডজাষ্টমেন্ট’ কে মই ন্যায় কৈছোঁ। আগ্রহ -দুৰাগ্রহ, ইয়াক কোনাে ন্যায় নকয়। কোনাে প্রকাৰৰ আগ্রহ, ন্যায় নহয়। মই কোনােও কথাৰ ওপৰত জিদ কৰি নাথাকোঁ । যি পানীৰ দ্বাৰাই যুগ সিদ্ধ হয়, তাতে সিদ্ধ কৰি লওঁ । শেষত নলাৰ পানীৰেও সিদ্ধ কৰি লওঁ ।
Page #38
--------------------------------------------------------------------------
________________ 31 এতিয়ালৈ এজনাে মানুহ মােৰ পৰা ডিচএডজাষ্ট হােৱা নাই / আৰু এইমানুহবােৰৰ তাে ঘৰৰ চাৰিজন সদস্যও এডজাষ্টনহয়। এডজাষ্ট হ’ব পাৰিব নে নােৱাৰিব ? এনেকুৱা হােৱা সম্ভৱ নে সম্ভৱ নহয় ? আমি যেনেকুৱা দেখোঁ তেনেকুৱা তাে আমি শিকি যাওঁ,নহয় নে ? এই জগতৰ নিয়ম কি যে আপুনি যেনেকুৱা দেখিব সিমান আপুনি শিকিবই পৰিব / তাতে একোৱে শিকিব লগা বিধৰ নাথাকে / কিয় নােৱাৰিব নে? মই যদি আপােনাক কেবল উপদেশ দি থাকোঁ, সেয়াটো নােৱাৰিব, কিন্তু মােৰ আচৰণ আপুনি দেখিলে তাে সহজেই পাৰিব। ইয়াতে ঘৰত এডজাষ্ট’ হ’ব নােৱাৰে আৰু আত্মজ্ঞানৰ শাস্ত্র পঢ়িবলৈ বহি যায়! যাব দিয়া হে ! আগতে এইটো’ শিকি লােৱা নে ! ঘৰত তাে এডজাষ্ট’ হ’বলৈ নাজানে / এনেকুৱা এই সংসাৰ / / সংসাৰত আৰু একো নাজানিলেও কোনাে অসুবিধা নাই / বেপাৰ-বাণিজ্য কৰা কম জানিলেও কোনাে ক্ষতি নাই, কিন্তু এডজাষ্ট হ’ব জানিব লাগে / অর্থাৎ পৰিস্থিতিৰ সৈতে এডজাষ্ট হােৱা শিকিব লাগে। এই যুগত এডজাষ্ট হ’ব নােৱাৰিলে মাৰ খাৱ / এইকাৰণে ‘এডজাষ্ট এভৰীহােৱেৰ হৈ কাৰ্য্য সিদ্ধি কৰি লয় যেন। - জয়সচ্চিদানন্দ
Page #39
--------------------------------------------------------------------------
________________ 9. 17. Books of Akram Vignan of Dada Bhagwan Adjust Everywhere Ahimsa : Non-Violence Anger Aptavani - 1 Aptavani - 2 Aptavani - 4 Aptavani - 5 Aptavani - 6 Aptavani - 8 10. Aptavani - 9 11. Autobiography of Gnani Purush A.M.Patel 12. Avoid Clashes 13. Brahmacharya : Celibacy Attained With Understanding 14. Death : Before, During & After... 15. Flawless Vision 16. Generation Gap Harmony In Marriage Life Without Conflict Money 20. Noble Use of Money Pratikraman : The master key that resolves all conflicts (Abridge & Big Volume) Pure Love Right Understanding to Help Others Science of Karma 25. Science of Speech 26. Shree Simandhar Swami : The Living God The Essence Of All Religion The Fault Is Of the Sufferer The Guru and The Disciple Tri Mantra : The mantra that removes all worldly obstacles Whatever Happened is Justice 32. Who Am I? 33. Worries 'Dadavani' Magazine is published Every month 21. 24. 28. 29 The 30. 31.
Page #40
--------------------------------------------------------------------------
________________ সম্পর্ক সুত্র দাদা ভগৱান পৰিবাৰ অডালজ H ত্রিমন্দিৰ, সীমন্ধৰ সিটী, অহমদাবাদ-কালােল হাইৱে, পােষ্টঃ অডালজ, জিলা-গান্ধীনগৰ, গুজৰাত - 382421 ফোন: (079)39830100, Email : info@dadabhagwan.org গােধৰা ও ক্রিমন্দিৰ, ভামৈয়া গাওঁ, এফসীআই গােডাউন ৰ সন্মুখত, গােধৰা (জিলা - পঞ্চমহাল) ফোন H (02672) 262300 ৰাজকোট H ত্রিমন্দিৰ, অহমদাবাদ-ৰাজকোট হাইৱে, ৰঘড়িয়া চোকড়ী(সকল), পােষ্টঃ মালিয়াসণ, জিলা- ৰাজকোট ফোন H 9274111393 সুৰেন্দ্ৰনগৰ | H ত্রিমন্দিৰ, লােকবিদ্যালয় ৰ ওচৰত, সৰেন্দ্ৰনগৰ ৰাজকোট হাইৱে, মুলী ৰােড় / ফোন H 9879232877 অমৰেলী। ও ত্রিমন্দিৰ, লীলীয়া ৰােড বাইপাস চোকড়ী, খাৰাবাড়ী | ফোন H 9924344460 ও ত্রিমন্দিৰ, মােৰবী-নবলখী হাইৱে,পােষ্ট জেপুৰ, তালুকা-মােৰবী, জিলা -ৰাজকোট। ফোন : (02822)297097 4 ত্রিমন্দিৰ, হিল গার্ডন ৰ পিছফালে, এয়াৰপাের্ট ৰােড়। ফোন : (02832)290123 অঞ্জাৰ ও ত্রিমন্দিৰ, অঞ্জাৰ-মুদ্রা ৰােড়, সীনােগ্রা পাটীয়া ৰ ওচৰত, সীনােগ্রা, গাঁও - তালুকা-অঞ্জাৰ, ফোন H 9924346622 অহমদাবাদ ও দাদা দর্শণ, 5, মমতাপার্ক সােসাইটি, নবগুজৰাত কলেজৰ পিছফালে, উম্মানপুৰা, অহমদাবাদ - 380014, ফোন H (079)27540408 বড়ােদ, | H দাদা দর্শণ, 17, মামা -কি -পােল -মুহল্লা, ওপুৰা পুলিচ ষ্টেচনৰ সন্মুখত, সলাটবাড়া, বড়ােদ। ফোন H 9924343335 মােৰবী মুম্বাই : 9323528901 কোলকাতা H 9830093230 জয়পুৰ H 9351408285 ইন্দোৰ H 9039936173 ৰায়পুৰ H 9329644433 পাটনা H 7352723132 বেঙ্গলুৰ : 9590979099 পুনে, H 9422660497 U.S.A: DBVI Tel. :+1877-505- DADA(3232), Email : info@us. dadabhagwan.org U.K:+ 44330-111-DADA (3232) Kenya : +25 4722722063 দিল্লী H 9810098564 চেন্নাই H 9380159957 ভােপাল, H 9425024405 জব্বলপুৰ : 9425160428 ভিলাই : 9827481336 অমৰাবতী H 9422915064 হাইদ্রাবাদঃ 9989877786 জলন্ধাৰ H 9814063043 UAE : +971557316937 Austrelia : +61 421127947 Newzealand :+6421 0376434 Singapur :+65 81129229 www.dadabhagwan.org
Page #41
--------------------------------------------------------------------------
________________ We will appreciate your suggestions & grammatical mistake correction. You can reach us at below email id. hindivani@dadabhagwan.org
Page #42
--------------------------------------------------------------------------
________________ এডজাষ্ট এভৰীহােৱেৰ সংসাৰত আৰু একো নাজানে তাতে ক্ষতি নাই কিন্তু এডজাষ্ট হােৱা তাে জানিবই লাগে / সন্মুখৰজনে ‘ড়িচএডজাষ্ট হৈ থাকিলেও আপুনি এডজাষ্ট হ’ব জানে তেনেহলে কোনাে দুখেই নাথাকিব। এইকাৰণে এডজাষ্ট এভীহােৱেৰ! সকলােৰে সৈতে এডজাষ্টমেন্ট হােৱা, এইটো সকলােতকৈ ডাঙৰ নৈতিক গুণ। এই যুগত তাে ভিন্ন ভিন্ন প্রকৃতি, তাতে এডজাষ্ট নহ'লে কেনেকৈ চলিব ? | মই এই জগতৰ বহুত সূক্ষ্ম অনুসন্ধান কৰিছোঁ / অন্তিম প্ৰকাৰৰ অনুসন্ধান কৰাৰ পিচত এই সমস্তু কথা কৈষ্ট্ৰে। ব্যৱহাৰত কেনেদৰে থাকিব লাগে, সেয়াও কৈছোঁ আৰু মােক্ষত কেনেকৈ যাব, এইটোও কৈছোঁ। আপােনাৰ বাধা-বিঘিনি কেনেকৈ কম হয়, সেয়াই মােৰ উদ্দেশ্য।। - দাদাশ্রী Printed in India dadabhagwan.org Price 15