________________
যিয়ে ‘এডজাষ্ট হােৱাৰ কলা শিকিছে, তেওঁ সংসাৰৰ পৰা ‘মােক্ষৰ ফালে ঘূৰি গৈছে। এডজাষ্টমেন্ট’ হৈছে , জ্ঞান । যিয়ে ‘এডজাষ্টমেন্ট’ শিকিছে, তেওঁ পাৰ হৈ গৈছে । যি ভুগিব লগা আছে, সেয়া তাে ভুগিবই লাগিব। কিন্তু যিয়ে ‘এডজাষ্টমেন্ট’ ল’বলৈ শিকি গৈছে, তাৰ কোনাে বাধা-বিঘিনি নহ'ব, হিচাপ পৰিশােধ হৈ যাব । কেতিয়াবা ডকাইতৰ সন্মুখীন হলে, যদি ডিচএডজাষ্টমেন্ট হয় তেনেহ'লে সি মাৰিব । তাৰ সলনি আমি নিশ্চিত কৰোঁ যে তাৰ সৈতে ‘এডজাষ্ট’ হৈ কাম উলিয়াই ল'ব লাগিব। তাৰ পিছত তাক সুধিব যে,ভাই’ তােমাৰ কি ইচ্ছা?‘চোৱা ভাই, মই যাত্ৰাত ওলাইছোঁ। (এইদৰে) তাৰ সৈতে ‘এডজাষ্ট হৈ যাওঁক।
পত্নীয়ে খাবলৈ সাজিছে, তাত ভুল-ক্রটি উলিয়ালে সেইটো ব্লন্ডর্স। এনেকৈ ভুল উলিয়াব নালাগে। যেন নিজে কেতিয়াও ভুল নকৰে, এইদৰে কথা কয়। হাউ টু এডজাষ্ট ? এডজাষ্টমেন্ট ল'ব লাগে। যাৰ সৈতে সদায় থাকিব লাগিব, তেওঁৰ সৈতে এডজাষ্টমেন্ট লব নালাগে নে ? নিজৰ পৰা কোনােবাই দুখ পাই, তাক ভগবান মহাবীৰৰ ধৰ্ম কেনেকৈ ক'ব ? আৰু ঘৰৰ মানুহবােৰক তাে অৱশ্যই দুখ দিবইনালাগে।
ঘৰ এখন বাগিচা
এজন ভাই মােক কৈছিল যে, ‘দাদাজী মােৰ পত্নীয়ে ঘৰত এনেকুৱা কৰে, তেনেকুৱা কৰে । তেতিয়া মই তেওঁক ক’লাে যে আপােনাৰ পত্নীক শুধিলে তাে তেওঁ কি ক’ব যে ‘মােৰ স্বামী নির্বোধ হয়। এতিয়া ইয়াত আপুনি নিজৰ একান্তেই ন্যায় কিয় বিচাৰিছে?