SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ সকলাে ঠাইতে এডজাষ্টমেন্ট প্রশ্নকর্তা ও অনেক বাৰ এনেকুৱা হয় যে একেই সময়তে দুজন ব্যক্তিৰ সৈতে একেই বিষয়তে ‘এডজাষ্টমেন্ট’ ল'ব লগা হয়, তেতিয়া দুয়ােজনকে কেনেদৰে বুজোৱাত সামর্থ্য হ’ব পৰা যায় ? | দাদাশ্রী ও দুয়ােজনৰ সৈতেই (এডজাষ্টমেন্ট) ল’ব পৰা যায় । হেৰাে, সাতজনৰ সৈতে ল'ব লগা হ'লেও ল’ব পৰা যায়। এজনে সুধে,মােৰ কি কৰিলে ?' তেতিয়া ক’ব,হয়, ভাই, আপুনি কোৱাৰ নিচিনাকৈ কৰিম। দ্বিতীয় জনকও এনেকুৱাকৈ ক'ব যে, “আপুনি যেনেকৈ কৈছে তেনেকৈ কৰিম। ব্যৱস্থিত’ৰ বাহিৰে একোৱেই নহয়। এইকাৰণে কোনাে প্রকাৰেও কাজিয়া হ’বলৈ নিদিব। মূখ্য বস্তু এডজাষ্টমেন্ট’। হয়’ কোৱাত মুক্তি। আমি হয়’কওঁ, তাৰপিছতও ব্যৱস্থিত’ৰ বাহিৰত কিবা হ’ব নে ? কিন্তু নহয়’ ক’ব তাে ভীষণ ঝেমেলা (মহা-উপাধি) ! ঘৰত স্বামী-স্ত্রী দুয়ােজনে নিশ্চিত কৰে যে আমি এডজাষ্ট’ হম, তেনেহলে দুয়ােজনৰেই সমাধান আহিব। তেওঁ অধিক টনা-টনি কৰে, তেতিয়া আমি এডজাষ্ট’হৈ গ'লে সমাধান ওলাব। এজন মানুহৰ হাতত বেদনা হৈছিল, কিন্তু তেওঁ অন্যক কোৱা নাছিল, আৰু অন্য হাতেৰে সেইখন হাতকডবাই এডজাষ্ট’কৰিছিল। এনেকুৱাকৈ এডজাষ্ট’ কৰিব পাৰিলেহে সমাধান ওলাব । যদি ‘এডজাষ্ট এভৰীহােৱেৰ নহয় তাে সকলােৱে পাগল হৈ যাব । সন্মুখৰ জনক বিৰক্ত কৰিছিল,এই কাৰণেই পাগল হৈছে। কুকুৰক এবাৰ বিৰক্ত কৰিব, দুবাৰ, তিনিবাৰ বিৰক্ত কৰিব, তেতিয়ালৈকে সি আমাৰ সন্মান ৰাখিব, কিন্তু আকৌ বাৰেবাৰে বিৰক্ত কৰি থাকিলে সি ওঁ আমাক কামুৰি দিব। সি ওঁ বুজি পাই যে এওঁ সদায় বিৰক্ত কৰে, এওঁ নালায়ক, নির্লজ্জ। এইটো বুজিব লগা কথা। অলপাে ঝটেই নকৰিব, এডজাষ্ট এভৰীহােৱেৰ।
SR No.034300
Book TitleAdjust Everywhere Assamese
Original Sutra AuthorN/A
AuthorDada Bhagwan
PublisherDada Bhagwan Aradhana Trust
Publication Year
Total Pages38
LanguageAssamese
ClassificationBook_Other
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy