________________
সৈতে চলা, নহ'লে মাৰ খাই মৰি থাকিবা! যুগৰ অনুসৰি এডজাষ্টমেন্ট হ'ব লাগিব। মােৰ চোৰৰ সৈতে, জেপ-কটাৰৰ সৈতে, সকলােৰে সৈতেই এডজাষ্টমেন্ট হয়। মই চোৰৰ সৈতে কথা পাতিলে আন কি সি ও বুজি পাই যে এও কৰুণাময় হয়। মই তাক ‘তই ভুল কৰিছ’ এনেকৈ নকওঁ। কিয়নাে সেইটো তাৰ ‘ভীউ পইন্ট’ (দৃষ্টিকোণ)। কিন্তু মানুহে তাক নালায়ক’কৈ গালি দিয়ে। উকিল সকল জানাে মিছলিয়া নহয়?‘একেবাৰে মিছা কেচ জিকাই দিম বুলি কোৱা জনে, প্রবঞ্চক নহয় জানাে? চোৰক ‘লুচ্ছা’ কয় আৰু একেবাৰে মিছা কেচ ক ‘সঁচা’ কয়, সিহঁতক সংসাৰত বিশ্বাস কেনেদৰে কৰিব পাৰি?তথাপিও তেওঁলােকৰাে চলি আছে নহয় নে? কোনােলােককে মই মিছলিয়া নকওঁ। তেওঁ নিজৰ ‘ভীউ পইন্ট’ত কৰেক্ট এ হয়। কিন্তু তাক সঁচা কথা শিকাও যে তই যি চুৰি কৰিছ, তাৰ পৰিণাম তই কি পাবি!
এই বৃদ্ধ সকলে ঘৰত সােমায়েই কয়, এই লােহাৰ আলমাৰী? এই ৰেডিঅ’? এইটো এনেকুৱা কিয় ? তেনেকুৱা কিয় ?’এইদৰে কাজিয়াপেচাল কৰে। হেৰা, কোনাে যুৱকৰ সৈতে বন্ধুত্ব কৰা। এইযুগ পৰিবর্তন হৈয়ে থাকিব। এইবােৰৰ অবিহনে এওঁলােকে জীৱিত থাকিব কেনেকৈ? কিবা নতুন দেখিলেই মােহউৎপন্ন হয়। নতুন নহ'লে তাে জীৱিত থাকিবই কিদৰে? নতুনত্ব অনন্তবাৰ আহিছে আৰু গৈছে, তাত আপুনি কাজিয়াপেচাল কৰিব নালাগে। আপােনাৰ অপচন্দ হলে সেয়া আপুনি নকৰিব। এই আইসক্রীমে আমাক নকয় যে মােৰ পৰা দূৰত থকা। আপােনাৰ খাবৰ ইচ্ছা নাথাকিলে নাখাব। কিন্তু বৃদ্ধসকলে তাৰ ওপৰত অসন্তুষ্ট হৈ থাকে। এই মতভেদ যুগ পৰিবৰ্তনৰ কাৰণে হৈছে। এই নতুন প্রজন্মই