SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ সম্পাদকীয় জীৱনৰ প্ৰতিটো মুহূৰ্ত্ততে আমি নিজেই বিচাৰপূর্বক ভাৱে সন্মুখৰজনৰ সৈতে যদি এডজাষ্ট নহওঁ, তেনেহ'লে ভয়ঙ্কৰ সংঘাত হৈয়ে থাকিব। জীৱন বিষময় হ’ব আৰু শেষত জগতে জোৰ কৰি আমাৰ দ্বাৰা এডজাষ্টমেন্ট কৰাবই। ইচ্ছা হওঁক বা অনিচ্ছাই হওঁক, আমি যেতিয়াইতেতিয়াইএডজাষ্ট তাে হ’বইলাগিব। তেনেহ'লে কিয়নাে বিচাৰপূর্বক এডজাষ্ট হৈ যাওঁ, যাতে অনেক সংঘাতৰ পৰা ৰক্ষা পাব পাৰি আৰু সুখ শান্তি স্থাপিত হওঁক। | লাইফ ইজ নাথিং বাট এডজাষ্টমেন্ট (জীৱন এডজাষ্টমেন্টৰ বাহিৰে । আন একোৱেইনহয় !) জন্মৰ পৰা মৃত্যুলৈকে এডজাষ্টমেন্ট লাগিবই। কান্দিয়ে লওঁক বা হাঁহিয়েই লওঁক! পঢ়াশুনা কৰি ভাল লাগক বা নালাগক, কিন্তু এডজাষ্ট হৈ পঢ়িবই লাগিব! হয়তাে ৰংমনেৰে মানুহে বিয়া কৰায়, কিন্তু বিয়াৰ পিচত গােটেই জীৱন স্বামী-স্ত্রীৰ পাৰস্পৰিক এডজাষ্টমেন্টচ লাগিবই। দুটা ভিন্ন প্রকৃতিক গােটেই জীৱন একেলগে থাকি যাৰ যি দায়িত্ব তাক নির্বাহ কৰিব লাগিব। পৰস্পৰে পৰস্পৰৰ লগত গােটেই জীৱন সম্পূর্ণভাৱে এডজাষ্ট হৈ থাকে, তেনে পুণ্যবান কিমানজন মানুহ আছে এইযুগত? হেৰা, ৰামচন্দ্রজী। আৰু সীতাজীৰাে কেইবাবাৰাে ডিচএডজাষ্টমেন্ট হােৱা নাছিল নে ? স্বর্ণমৃগ, অগ্নিপৰীক্ষা আৰু গৰ্ভৱতী হােৱা সত্বেও বনবাস ? তেওঁলােকে কেনেকুৱাকেনেকুৱা এডজাষ্টমেন্ট লৈছিল ? | পিতৃ-মাতৃ আৰু সন্তানে এজনে অন্যজনৰ সৈতে প্রতি খােজতে এডজাষ্টমেন্ট হ’ব লগা হয় নে ? যদি বিচাৰপূর্বক এডজাষ্ট হৈ যায় তেনেহ'লে শান্তি থাকিব আৰু কর্মবন্ধন নহয়। আত্মীয়-স্বজন, বন্ধুবান্ধৱৰ সৈতে, ব্যৱসায়ত, বচৰ সৈতে, বেপাৰী বা দালালৰ সৈতে, তেজী-মন্দী ৰ ভাবৰ সৈতে, সকলাে ঠাইতে যদি আমি এডজাষ্টমেন্ট নহওঁ তেনেহ'লে কিমানবােৰ দুখৰ পাহাৰ হৈ যাৱ! | এইকাৰনে ‘এডজাষ্ট এভৰীহােৱেৰৰ মাষ্টাৰ কী’ লৈ যি জন মানুহে জীৱন অতিবাহিত কৰিব, তেওঁৰ জীৱনৰ কোনাে তালা খােল নাখাব, এনেকুৱা নহয়। জ্ঞানীপুৰুষ পৰম পূজনীয় দাদাশ্রীৰ স্বৰ্ণময় সূত্র এডজাষ্ট এভৰীহােৱেৰ’ জীৱনত আত্মসাৎ কৰিব পাৰিলে সংসাৰ সুখময় হ’ব! ডঃ নীৰুবেহন অমীনৰ জয়সচ্চিদানন্দ
SR No.034300
Book TitleAdjust Everywhere Assamese
Original Sutra AuthorN/A
AuthorDada Bhagwan
PublisherDada Bhagwan Aradhana Trust
Publication Year
Total Pages38
LanguageAssamese
ClassificationBook_Other
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy