SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ডােন্ট চী ল’জ, প্লীজ চেক্স । সন্মুখৰজনক চেটেলমেন্ট ল’বলৈ কোৱা, ‘আপুনি এনেকুৱা কৰক, তেনেকুৱা কৰক’ এনেকুৱাকৈ কোৱাৰ সময়ে কত ? সন্মুখৰজনৰ এশ ভুল হলেও, আপুনি তাে নিজৰেই ভুল’ কৈ আগ বাঢ়ি যাব লাগিব। এই যুগত ল (নিয়ম) কি চোৱা হয় ? এই তাে শেষ সীমা পর্যন্ত আহি পাইছে। য’তেই চাব তাতেই ল’ৰাঢপৰা (দৌৰা-দৌৰি), ব্যস্ততা! মানুহে সমস্যাত পৰিছে । ঘৰলৈ গ'লে ৱাইফৰ অভিযােগ, সন্তানৰ অভিযােগ, চাকৰীত গলে তাে মালিকৰ অভিযােগ, ৰেলত গলে ভিৰৰ খুন্দা খাব লগা হয়। ক’তাে শান্তি নাই। শান্তি তাে থাকিব লাগে, নহয় নে ? কোনােবাই কাজিয়া কৰে তাে তাৰ ওপৰত দয়া আহিব লাগে যে ‘অৰে, ইয়াৰ কিমান অশান্তি হৈছে যে কাজিয়া কৰিছে !’ যিয়ে আকুল হয়, সিহঁতে সকলােৱেই দুর্বল হয়। অভিযােগ ? নহয়, ‘এডজাষ্ট কথাটো এনেকুৱা যে, ঘৰতাে ‘এডজাষ্ট’ হ’ব জানিব লাগে । আপুনি সৎসঙ্গৰ পৰা পলমকৈ ঘৰ উভতিলে ঘৰৰ মানুহে কি ক’ব ? “অলপ হলেও তাে সময়ৰ হিচাপ ৰাখিব নালাগে নে ? যদি আমি সােনকালে ঘৰলৈ যাওঁ তাতে কি অসুবিধা ? বলদে আগবাঢ়ি যােৱাত তেলী তাক জোং দি খোঁচা মাৰে, তাৰ সলনি সি আগবাঢ়ি গৈ থাকে যদি কোনােৱেও তাক জোংৰে খোঁচা নামাৰিব, নহয় নে !নহ'লে তেলী জোংৰে খোঁচা মাৰিব আৰু সি আগবাঢ়ি যাব লাগিব । আগবাঢ়ি তাে যাব লাগিবই, নহয় নে ? অপুনি দেখিছে নে এনেকুৱা ? জোং যত আগৰ ফালে গজাল থাকে, সেই দি খোঁচা মাৰে, বােবা প্রাণী কি কৰিব? সি কাক অভিযােগ কৰিব ?
SR No.034300
Book TitleAdjust Everywhere Assamese
Original Sutra AuthorN/A
AuthorDada Bhagwan
PublisherDada Bhagwan Aradhana Trust
Publication Year
Total Pages38
LanguageAssamese
ClassificationBook_Other
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy