SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ দুয়ােকে ‘মিক্সৰ কৰি দিলে, তাৰ পিছত প্ৰভাৱ নপৰে। এডজাষ্ট এভৰীহােৱেৰৰ মই আৱিষ্কাৰ কৰিছোঁ। সঁচা কথা ক'লে তেওঁৰ সৈতেও আৰু কোনােবাই মিছা কথা কলে তেওঁৰ সৈতেও ‘এডজাষ্ট হৈযাওঁক। মােক কোনােবাই কয় যে আপােনাৰ বুদ্ধি নাই। তেতিয়া মইতৎক্ষনাৎ তেওঁৰ সৈতে এডজাষ্ট হৈ কম যে, “সেয়া তাে আগৰ পৰাই নাছিল। আজি তুমি ক'ৰ পৰা বিচাৰিব আহিলা? তুমি তাে আজি জানিলা, কিন্তু মই তাে এইটো বাল্যকালৰ পৰাই জানাে। এনেকুৱাকৈ ক'লে তাে ঝট মিটি যাব, নহয় নে ? পুনৰ তেওঁ আমাৰ ওচৰত আকল (বুদ্ধি) বিচাৰি নাহে৷ এনেকুৱা নকৰিলে নাে ‘নিজৰ ঘৰ’ (মােক্ষ) কেতিয়া গৈ পাম? পত্নীৰ সৈতে এডজাষ্টমেন্ট প্রশ্নকর্তা : এডজাষ্ট কেনেকৈ হ'ব লাগে, এইটো অলপ বুজাই দিয়ক।। | দাদাশ্রী : আপােনাৰ কোনাে কাৰণবশতঃ দেৰী হৈগ’লে, আৰু পত্নীয়ে কিবা উল্টা-চিধা ক’বলৈ ধৰে যে, ইমান দেৰীকৈ আহে? এনেকৈ নচলিব।আৰু যেনেকৈ-তেনেকৈ কয়..... তেওঁৰ খঙত মানসিক স্থিৰতা নাথাকে। তেতিয়া আপুনি ক'ব যে হয়, তােমাৰ কথা ঠিকেই, তুমি যদি কোৱা উভতি যাওঁ আৰু তুমি কোৱা যদি ভিতৰলৈ আহিবহিম। তেতিয়া তেওঁ ক’ব, নহয়, উভতি নাযাবা। ইয়াতে শুই থকা মনে-মনে। কিন্তু আকৌ শুধা, তুমি কোৱা যদি খাম, নহ'লে শুবলৈ যাওঁ। তেতিয়া তেওঁ ক’ব, নহয়, খাই লােৱা। তেতিয়া আপুনি তেওঁৰ কথা মানি খাই ল'ব লাগে। অথাৎ এডজাষ্ট হৈগ’ল। আকৌ ৰাতিপুৱা ফাষ্ট ক্লাচ চাহ দিব আৰু যদি ধমক দিয়ে তেনেহ'লে চাহৰ কাপ মুখ ওলােমাই (ৰােষ বেশত) দিব আৰু তিনি দিনলৈকে সেই ক্রম চলি থাকিব।
SR No.034300
Book TitleAdjust Everywhere Assamese
Original Sutra AuthorN/A
AuthorDada Bhagwan
PublisherDada Bhagwan Aradhana Trust
Publication Year
Total Pages38
LanguageAssamese
ClassificationBook_Other
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy